বঢ়মপুৰ, 16 জুলাই :ৰহা সমষ্টিৰ কামপুৰৰ কাকতিগাঁৱৰ সমীপৰ কপিলী নদীৰ মাথাউৰিটো নিৰ্মাণ নোহোৱাক লৈ আতংকিত হৈ পৰিছে কপিলীপৰীয়া ৰাইজ ৷ কপিলীৰ বাঢ়নীপানীয়ে প্ৰতিবছৰে কাকতিগাঁৱৰ ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে যদিও বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে জলসম্পদ বিভাগে ৷ শেহতীয়াকৈ স্থানীয় বগলাজান পঞ্চায়তৰ অধীনত ১০ লাখ টকা ব্যয়ৰে এম জি এনৰেগা (MGNREGA) আঁচনিৰ জৰিয়তে কাকতিগাঁৱৰ সমীপৰ মথাউৰিটো নিৰ্মাণ কৰা হৈছে যদিও নিৰ্মাণত কাৰ্যত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷
স্থানীয় লোকে সদৰি কৰা মতে, কপিলী নদীৰ (Kapili River)বাঢ়নীপানীয়ে প্ৰতিবছৰে ভয়ংকৰ খহনীয়াৰ সৃষ্টি কৰে ৷ যাৰ ফলত বহু কৃষিজীৱি লোকৰ কৃষিভূমি কপিলীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক কপিলী বান-খহনীয়া প্ৰতিৰোধৰ বাবে স্থায়ীভাৱে এক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি সদৰি কৰিছে স্থানীয় লোকে ৷