নগাঁও,8জুলাইঃনগাঁও স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি উচুপি উঠিল স্বয়ং এগৰাকী কোভিড যুদ্ধা । কোভিড আক্ৰান্ত ৰোগীক চিকিৎসা সেৱা আগবঢ়াই নিজেই অৱহেলিত হ'ল এগৰাকী কোভিড যুদ্ধা । চৰকাৰী চিকিৎসালয়তে চিকিৎসা প্ৰদানত অৱহেলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ কোভিডৰ বিৰুদ্ধে যুদ্ধ চলি থকাৰ মাজতে কেনেদৰে চলিছে চিকিৎসা ব্যৱস্থা । খোদ এগৰাকী কোভিড যুদ্ধাই চিকিৎসাৰ ক্ষেত্ৰত অৱহেলিত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই চিকিৎসা ব্যৱস্থাক লৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ। কোভিড যুদ্ধা গৰাকী নাম নাৰ্গিছ চুলতানা।
নগাঁৱৰ উজৰগাঁও কোভিড চিকিৎসালয়ত নিজৰ কৰ্তব্য পালনৰ পিছত বিগত ২৬ জুনত নগাঁৱৰ হোটেল নগাঁও পইণ্টত কোৱাৰেণ্টাইন কৰা হৈছিল এইগৰাকী জি এন এম নাৰ্ছক। কিন্তু হোটেলত কোৱাৰেণ্টাইন হৈ থকাৰ চাৰিদিন পিছতেই হঠাৎ অসুস্থ হৈ পৰিছিল এইগৰাকী নাৰ্ছ। লগে লগেই নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাৰ নামত কেৱল এটা চেলাইন দিয়া হয় নাৰ্ছগৰাকীক। চিকিৎসালয়ৰ বিছনাৰ পৰিবৰ্তে এখন চকীত বহুৱাই চেলাইন দিয়াৰ লগতে উৰে নিশাই চকীত বহাই ৰাখে নাৰ্ছগৰাকীক । পৰৱৰ্তী সময়ত চিকিৎসালয়খনৰ আই চি ইউত ভৰ্তি কৰা হয় যদিও নূন্যতম চিকিৎসাও প্ৰদান নকৰাৰ অভিযোগ কোভিড যোদ্ধা গৰাকীৰ ।