নগাঁও,2 ছেপ্তেম্বৰঃ অৱশেষত কৰ'ণা মুক্ত হ'ল নগাঁও কেন্দ্ৰীয় কাৰাগাৰ । ক'ভিড চিকিৎসালয়ত ভৰ্তি কৰাৰ বিপৰীতে কাৰাগাৰৰ ভিতৰতে আছুতীয়া কক্ষত ৰখা ২২৭ গৰাকী হাজোতী কয়দী এতিয়া কৰ'ণা মুক্ত । কৰ'ণাৰ আতংক একপ্ৰকাৰ নোহোৱা হ'ল কৰ'ণাৰ হটস্পটত পৰিণত হোৱা নগাঁও কেন্দ্ৰীয় কাৰাগাৰ।
সাহসিকতাৰে যুঁজি কৰ'ণাক পৰাজিত কৰিলে নগাঁও কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই - ক’ভিড-১৯ ৰ অৱস্থিতি
বিশ্বত্ৰাস কৰ'ণাৰ আতংক এতিয়া একপ্ৰকাৰ নোহোৱা হৈছে নগাঁও কেন্দ্ৰীয় কাৰাগাৰত। কৰ'ণামুক্ত হ'ল কৰ'ণাৰ হটস্পটলৈ পৰিণত হোৱা নগাঁও কেন্দ্ৰীয় কাৰাগাৰ। চিকিৎসালয়ত ভৰ্তি নকৰাকৈয়ে কৰ'ণাক পৰাজিত ২২৭ জন কয়দীৰ।
মাত্ৰ কেইদিনমান পূৰ্বে কৰ'ণাৰ হটস্পটলৈ পৰিণত হৈছিল নগাঁও কেন্দ্ৰীয় কাৰাগাৰ । এজন দুজনকৈ কৰ'ণাত আক্ৰান্ত হৈছিল ২২৭ জনকৈ হাজোতী কয়দী । ৮ জুলাইত কেন্দ্ৰীয় কাৰাগাৰখনত থকা চামগুৰিৰ চলচলিৰ এগৰাকী মহিলা হাজোতীৰ দেহত প্ৰথমবাৰৰ বাবে ধৰা পৰিছিল মহামাৰী ক’ভিড ১৯ ৰ অৱস্থিতি। তাৰ পিছতেই কাৰাগাৰখনৰ মুঠ ৪৯৫ গৰাকী হাজোতী কয়দীক ক’ভিড পৰীক্ষা কৰাত ২২৭ গৰাকীকৈ হাজোতীৰ দেহত ধৰা পৰিছিল ক’ভিড-১৯ ৰ অৱস্থিতি । এক হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছিল নগাঁও কেন্দ্ৰীয় কাৰাগাৰত । অধিক কয়দী ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ লগে লগেই নিৰাপত্তাজনিত কাৰণত চিকিৎসালয়ত ভৰ্তি কৰাৰ বিপৰীতে কেন্দ্ৰীয় কাৰাগৰতে আছুতীয়াকৈ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। সেইমৰ্মে কেন্দ্ৰীয় কাৰাগাৰতে আছুতীয়াকৈ ৰাখি ব্যৱস্থা কৰিলে চিকিৎসাৰ। এনে সময়তে কাৰাগাৰখনৰ একমাত্ৰ চিকিৎসকগৰাকীও ১৪ জুলাইত আক্ৰান্ত হয় ক’ভিড ১৯ । অৱশ্যে নগাওঁ জিলা স্বাস্থ্য বিভাগে কাৰাগাৰখনত নিয়োগ কৰিছিল এগৰাকী চিকিৎসক।
লগতে পঢ়কঃ চৰাইদেউ-নগালেণ্ড সীমান্তৱৰ্তি পথ অৱৰোধ প্ৰত্যাহাৰ