অসম

assam

ETV Bharat / state

কৰ'ণা বিৰোধী যুঁজৰ অন্যতম যোদ্ধাৰ কথাৰে

নিজ পৰিয়ালৰ পৰা বহু আঁতৰত থাকি দিনে-নিশাই নিয়োজিত হৈ থকা কৰ’ণা বিৰোধী যুঁজৰ অন্যতম যোদ্ধা তেওঁলোক ৷ দিন-ৰাতি একাকাৰ কৰি মানৱ সেৱাত ব্ৰতী 108 মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ চালক কৰ্মচাৰীসকল । তেওঁলোকৰ এই কষ্ট, মানৱ সেৱাৰ শলাগ লৈছে সাধাৰণ ৰাইজে ৷

কৰ'ণা বিৰোধী যুঁজৰ অন্যতম যোদ্ধাৰ কথাৰে
কৰ'ণা বিৰোধী যুঁজৰ অন্যতম যোদ্ধাৰ কথাৰে

By

Published : May 16, 2020, 8:38 PM IST

নগাঁও, 16 মে’: এটা মাত্ৰ ফোন কল ৷ যিমান সম্ভৱ হয়, অতি কম সময়ৰ ভিতৰতে চোতালত হাজিৰ তেওঁলোক ৷ তেওঁলোকেই হৈছে কৰ'ণা বিৰোধী যুঁজখনৰ অন্যতম যোদ্ধা 108 মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ চালক কৰ্মচাৰীসকল । নগাঁও জিলাতো প্ৰায় 250 জন লোকক ইতিমধ্যে কোৱাৰেণ্টাইন কেন্দ্ৰলৈ নিয়া হয় জিলাখনৰ মুঠ 56 খন 108 মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ গাড়ীৰে । জিলাখনৰ দুই শতাধিক 108ৰ সেৱা কৰ্মীক নিয়ন্ত্ৰণ কৰি ৰখাত ব্যস্ত হৈ আছে জিলাখনৰ প্ৰগ্ৰেম মেনেজাৰ ধ্ৰুৱজ্যোতি বৰুৱা, কাৰ্যবাহী প্ৰবন্ধক প্ৰণৱ হাজৰিকা আৰু সুশ্ৰৱ্য বৰুৱা নামৰ দুই চিকিৎসা কৰ্মীয়ে ৷

সমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰীয়ে তীব্ৰ ভাবুকিৰ সৃষ্টি কৰাৰ সময়তে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দিনে-নিশাই সেৱা কৰিবলৈ আগবাঢ়ি আহে মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ কৰ্মীসকলে । নিজ পৰিয়ালৰ পৰাও আঁতৰি থাকি এতিয়া দিনে-নিশাই মানৱ সেৱাত ব্ৰতী এইসকল কৰ্মী ।

কৰ'ণা বিৰোধী যুঁজৰ অন্যতম যোদ্ধাৰ কথাৰে

বহু সন্দেহজনক ৰোগী কঢ়িওয়াৰ বাবে পৰিয়ালৰ লোককো সাক্ষাৎ কৰাৰ পৰা বিৰত থাকিবলগীয়া হয় কৰ্মীসকল । অৱশ্যে চৰকাৰ তথা নগাওঁ জিলা প্ৰশাসনৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিছে এই এম্বুলেন্স সেৱাৰ কৰ্মীসকলে । চৰকাৰে সুৰক্ষাৰ বাবে প্ৰদান কৰিছে পৰ্যাপ্ত সামগ্ৰী। ভয়-আতংকৰ এই ভয়াৱহ পৰিৱেশত চিকিৎসা কৰ্মীৰ লগতে 108 এম্বুলেন্স সেৱাৰ কৰ্মীয়ে আগবঢ়োৱা সেৱাৰ বাবে তেওঁলোকৰ শলাগ লৈছে সাধাৰণ ৰাইজে ।

লগতে পঢ়ক : ত্ৰিপুৰাত পুনৰ 11 জনৰ দেহত ধৰা পৰিল COVID-19

ABOUT THE AUTHOR

...view details