অসম

assam

By

Published : Apr 23, 2021, 4:59 PM IST

ETV Bharat / state

ভিডিঅ’ৰে কৰ’ণাৰ সজাগতাৰ প্ৰয়াস এটি কণমানিৰ

পুৰণিগুদামৰ কণমানি ঋদিশা বৰুৱাৰ সামাজিক মাধ্যমৰ জৰিয়তে কৰ’ণাৰ বিৰুদ্ধে সজাগতাৰ প্ৰয়াস ৷ অঞ্চলবাসীক ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান কণমানিটিৰ ৷

corona-awareness-video-spread
কৰ’ণাৰ সজাগতাৰ প্ৰয়াস এটি কণমানিৰ

চামগুৰি,23 এপ্ৰিল : সমগ্ৰ দেশৰ লগতে ৰাজ্যতো কৰ’ণাৰ বিভীষিকা ৷ নগাঁও জিলাৰ লগতে চামগুৰি আৰু পুৰণিগুদামতো একাধিক লোকৰ দেহলৈ সংক্ৰমিত হৈছে ক’ভিভ-19ৰ দ্বিতীয়টো প্ৰবাহ ।

বৃহত্তৰ অঞ্চলজুৰি আতংকগ্ৰস্ত ৰাইজৰ মাজতে পুৰণিগুদামৰ এটি কণমানিয়ে সামাজিক মাধ্যমৰ জৰিয়তে কৰ’ণাৰ বিৰুদ্ধে সজাগতা বিয়পোৱাৰ প্ৰয়াস কৰিছে ৷ ঋদিশা বৰুৱা নামৰ কণমানিটিয়ে এটি ভিডিঅ’ ক্লিপৰ জৰিয়তে অঞ্চলবাসীক ক’ভিড বিধি পালন কৰিবলৈ আহ্বান জনায় ৷

কৰ’ণাৰ সজাগতাৰ প্ৰয়াস এটি কণমানিৰ

উল্লেখ্য যে, পুৰণিগুদামৰ ভাস্কৰ্য শিল্পী প্ৰাৰ্থ প্ৰতিম বৰুৱাৰ চাৰিবছৰীয়া কন্যা ঋদিশাই বিগত লকডাউনৰ সময়তো অনুৰূপ ধৰণেৰে ভিডিঅ’ৰ জৰিয়তে কৰা সজাগতাৰ প্ৰয়াসক প্ৰশংসাৰে উপচাই পেলায় বহু শুভাকাংক্ষীয়ে ।

লগতে পঢ়ক :বিলাসীপাৰাত পুনৰ এগৰাকী মহিলা ক'ভিড-১৯ত আক্ৰান্ত

ABOUT THE AUTHOR

...view details