অসম

assam

By

Published : Aug 23, 2020, 12:52 PM IST

ETV Bharat / state

লক ডাউনে সলনি কৰিলে দুল আলীৰ জীৱনৰ গতিপথ

আলীয়ে পূৰ্বতে গৰুৰ ব্যৱসায় কৰি পোহপাল দিছিল পৰিয়ালক ৷ কিন্তু কৰ'ণাৰ সংক্ৰমণৰ বাবে চৰকাৰে ঘোষণা কৰা লক ডাউনত এই ব‍্যৱসায় বন্ধ হৈ পৰাত পৰিয়াল পোহপাল দিবলৈ বাৰুকৈয়ে সমস্যাৰ সন্মুখীন হৈছিল ব্যক্তিগৰাকী ৷ বিশেষকৈ ঘৰে-ঘৰে গৰু বিচাৰি যোৱাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছিল ব্যক্তিগৰাকী ৷ কিয়নো সেই সময়ত ৰাজ্যত জাৰি কৰা হৈছিল লক ডাউন ৷

Corona and Lock Down Impact Small Business at Kaliabar Nagaon Assam etv bharat news
দুল আলীৰ জীৱনৰ গতিপথ সলনি

কলিয়াবৰ,23 আগষ্ট: কৰ’ণা ভাইৰাছে সলনি কৰিছে মানুহৰ জীৱিকা-জীৱন নিৰ্বাহৰ পথ ৷ ৰাজ্যত এনে বহু পৰিয়াল আছে যিয়ে কৰ’ণা ভাইৰাছৰ বাবে অত্যন্ত সমস্যাৰ সন্মুখীন হৈছে ৷ বিশেষকৈ এই সময়ছোৱাত সন্মুখীন হোৱা আৰ্থিক সমস্যাই একপ্ৰকাৰ প্ৰত্যাহ্বানৰূপে থিয় দিছে ব্যক্তিৰ জীৱনত ৷ তেনে এগৰাকী ব্যক্তি হৈছে নগাঁও জিলাৰ কলিয়াবৰৰ অন্তৰ্গত শেনছোৱাৰ দুল আলী ৷

দুল আলীৰ জীৱনৰ গতিপথ সলনি

আলীয়ে পূৰ্বতে গৰুৰ ব্যৱসায় কৰি পোহপাল দিছিল পৰিয়ালক ৷ কিন্তু কৰ'ণাৰ সংক্ৰমণৰ বাবে চৰকাৰে ঘোষণা কৰা লক ডাউনত এই ব‍্যৱসায় বন্ধ হৈ পৰাত পৰিয়াল পোহপাল দিবলৈ বাৰুকৈয়ে সমস্যাৰ সন্মুখীন হৈছিল ব্যক্তিগৰাকী ৷ বিশেষকৈ ঘৰে-ঘৰে গৰু বিচাৰি যোৱাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছিল ব্যক্তিগৰাকী ৷ কিয়নো সেই সময়ত ৰাজ্যত জাৰি কৰা হৈছিল লক ডাউন ৷

সম্প্ৰতি লক ডাউন আংশিকভাৱে শিথিল কৰাৰ পিছতো ব্যক্তিগৰাকীয়ে গৰু বিক্ৰী কৰিবলৈ স্থানীয় আমবাগান বজাৰত নাই পূৰ্বৰ দৰে ব্যৱসায় । উপায়ন্তৰ হৈ দুল আলীয়ে নিজৰ মাটিত আৰম্ভ কৰিলে কৃষি কৰ্ম । পূৰ্বেও ব্যক্তিগৰাকীয়ে দুই-এপদ শস্যৰ খেতি কৰিছিল যদিও বান্দৰ, বনৰীয়া হাতী, বন গাহৰি আদিৰ আক্ৰমণৰ ফলত শস্যসমূহ নষ্ট হৈছিল । সম্প্ৰতি ব্যক্তিগৰাকীয়ে প্ৰায় পাঁচ বিঘা মাটিত বিভিন্ন শাক-পাচলিৰ খেতিৰে আত্মনিৰ্ভৰশীল হ’বলৈ চেষ্টা অব্যাহত ৰাখিছে ৷

লগতে চাওকঃস্বাধীনতাৰ ৭৪ বছৰে উন্নয়নৰ মুখ নেদেখা নলবাৰীৰ এখন গাঁও

ABOUT THE AUTHOR

...view details