অসম

assam

ETV Bharat / state

মাকৈৰ খেতিৰে স্বাৱলম্বী বটদ্ৰৱাৰ নিবনুৱা যুৱক

বটদ্ৰৱা বৰহিছা গাঁৱৰ পংকজ কলিতা নামৰ যুৱকজনে কৃষি কাৰ্য কৰি আশাৰ ৰেঙণি কঢ়িয়াই আনিছে এতিয়া সমগ্ৰ বটদ্ৰৱা অঞ্চললৈ ।

By

Published : Jun 16, 2019, 5:07 AM IST

মাকৈৰ খেতিৰে স্বাৱলম্বী বটদ্ৰৱাৰ নিবনুৱা যুৱক


বটদ্ৰৱা,16 জুন : মাকৈ খেতিৰে স্বাৱলম্বী হৈ আশাৰ বতৰা কঢ়িয়াই আনিছে বটদ্ৰৱাৰ শিক্ষিত নিবনুৱা যুৱকে । নৱ প্ৰজন্মৰ এনে নিদৰ্শনক সকলোৰে প্ৰশংসা ।

মাকৈৰ খেতিৰে স্বাৱলম্বী বটদ্ৰৱাৰ নিবনুৱা যুৱক

যি সময়ত ৰাজ্যত শিক্ষিত নিবনুৱাই এটা চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই ফুৰিছে , ঠিক তেনে সময়তে বটদ্ৰৱাত এগৰাকী যুৱকে মাকৈ খেতিৰে স্বাৱলম্বী হৈ আশাৰ বতৰা কঢ়িয়াই আনিছে । বটদ্ৰৱা বৰহিছা গাঁৱৰ পংকজ কলিতা নামৰ যুৱকজনে কৃষি কাৰ্য কৰি আশাৰ ৰেঙণি কঢ়িয়াই আনিছে এতিয়া সমগ্ৰ বটদ্ৰৱা অঞ্চললৈ । লহপহকৈ বাঢ়ি অহা মাকৈ খেতিয়ে নৱ প্ৰজন্মৰ যুৱ খেতিয়কজনৰ মুখত আনি দিছে অনাবিল আনন্দ । RAJANI-8808 নামৰ কম্পেনীটোৱে দিয়া বীজৰ সহায়ত উন্নত মানৰ বিজ্ঞান ভিত্তিক কৃষিকাৰ্য কৰি বহুগুণে লাভৱান হোৱা দেখা গৈছে এইগৰাকী কৃষকক । কৃষি বিভাগৰ পৰা কোনো ধৰণৰ সা-সুবিধা গ্ৰহণ নকৰাকৈ যুৱকজনে ধান খেতিৰ পৰিবৰ্তে ৩ বিঘা মাটিত বিগত কেইবাবছৰ ধৰি কৰি আহিছে মাকৈ খেতি । তিনি বিঘা মাটিত মাকৈ খেতি কৰি ৩২ কুইণ্টলতকৈয়ো অধিক মাকৈ উৎপাদন কৰিছে যুৱকজনে । সেয়েহে ধান খেতিৰ পৰিবৰ্তে মাকৈ খেতি কৰিছে এইজন উদ্যমী যুৱকে ।

ABOUT THE AUTHOR

...view details