নগাঁও, 14 ডিচেম্বৰ : অৰ্থলিপ্সু একাংশ আৰক্ষীৰ বাবেই যেন বদনামৰ নাম মচিবই নোৱাৰিব অসম আৰক্ষীয়ে ৷ অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই দুৰ্নীতিৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰখাৰ পিছতো যেন শিক্ষা পোৱাই নাই একাংশ চৰকাৰী ঘোচখোৰ বিষয়া-কৰ্মচাৰীয়ে ৷
এইবাৰ ভুক্তভোগীৰ পৰাই উৎকোচৰ নামত হাঁহ-কুকুৰা বিচাৰি বিভাগৰ ৰোষত পৰিছে নগাঁৱৰ ৰূপহীহাটৰ এগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়া ৷ ৰূপহীহাটৰ গড়াজান আৰক্ষী পহৰা আৰক্ষী চকীৰ এগৰাকী খঁকুৱা সহকাৰী উপ-পৰিদৰ্শকৰ বিৰুদ্ধে এজাহাৰকাৰীৰ পৰাই হাঁহ-কুকুৰা বিচৰাৰ অভিযোগে জোকাৰিছে নগাঁও আৰক্ষীক ৷
উল্লেখ্য যে জিলাখনৰ বটদ্ৰৱা আৰক্ষীয়ে হাঁহ আৰু ধন লোৱাৰ অভিযোগত 2022 বৰ্ষৰ 21 মে’ত একাংশই থানা জ্বলাই দিয়াৰ ঘটনাই সমগ্ৰ দেশ কঁপাই গৈছিল ৷ যি ঘটনাৰ তদন্ত আজিও অব্যাহত থকাৰ মাজতেই নগাঁৱৰে গড়াজান আৰক্ষী পহৰা আৰক্ষী চকীৰ অম্বেশ্বৰ ৰাজখোৱা নামৰ সহকাৰী উপ-পৰিদৰ্শক জনে, আৰক্ষী চকীত বহি কৰ্তব্যৰত অৱস্থাত এজাহাৰকাৰীৰ পৰা ধন লোৱাৰ লগতে মদৰ বটল আৰু কুকুৰাৰ মাংস বিচৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নগাঁৱত ৷ যি ঘটনাই অসম আৰক্ষীৰ তথাকথিত দুৰ্নীতি মুক্ত আৰক্ষীৰ ফোপোঁলা স্বৰূপটোকেই যেন উদঙাই দিছে ৷