নগাঁও, 13 ছেপ্তেম্বৰ:নগাঁৱত দুৰ্ঘটনাত পতিত হয় মেঘালয়ৰ শক্তিমন্ত্ৰীৰ কনভয়ৰ বাহন ৷ দুৰ্ঘটনাত এগৰাকী উপ-পৰিদৰ্শকসহ আহত হয় তিনি গৰাকীকৈ কনিষ্টবল ৷ নগাঁৱৰ ননৈত সংঘটিত হোৱা দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা শক্তিমন্ত্ৰী জেমছ চাংমাৰ ৷ ডিমাপুৰৰ পৰা মেঘালয় অভিমুখে গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় বাহন খন ৷ নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাতো ৷ দুৰ্ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত হয় দুখনকৈ বাহন ৷ আহত সকলক নগাঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয় ৷
দুৰ্ঘটনাত পতিত মেঘালয়ৰ শক্তিমন্ত্ৰীৰ কনভয়ৰ বাহন - মেঘালয়ৰ শক্তিমন্ত্ৰী জেমছ চাংমা
মেঘালয়ৰ শক্তিমন্ত্ৰী জেমছ চাংমাৰ কনভয়ৰ বাহন দুৰ্ঘটনাত পতিত ৷ নগাঁৱৰ ননৈত সংঘটিত হোৱা দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা শক্তিমন্ত্ৰী জেমছ চাংমাৰ ৷ উল্লেখ্য যে এই দুৰ্ঘটনাত আহত হয় 4 গৰাকীকৈ লোক ৷

শক্তিমন্ত্ৰীৰ কনভয়ৰ বাহন
দুৰ্ঘটনাত পতিত মেঘালয়ৰ শক্তিমন্ত্ৰীৰ কনভয়ৰ বাহন