অসম

assam

ETV Bharat / state

Controversy over awareness meeting: নগাঁৱত অগ্নি নিৰ্বাপক বাহিনীৰ সজাগতা সভাক লৈ বিতৰ্ক - Controversy over awareness meeting

নগাঁও জিলাৰ আলিটাঙণি ছামিয়া ৰাইছ মিলত ধিং অগ্নি নিৰ্বাপক বাহিনীৰ সজাগতা সভা (Fire Brigade Awareness Meeting at Dhing)। সভাৰ মাজতে ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া । অগ্নি নিৰ্বাপক বাহিনীক দায়িত্বজ্ঞানহীনতাৰ বাবে সমালোচনা (Controversy over awareness meeting) ।

Fire Brigade Awareness Meeting
নগাঁৱত অগ্নি নিৰ্বাপক বাহিনীৰ সজাগতা সভাক লৈ বিতৰ্ক

By

Published : Feb 8, 2022, 6:55 PM IST

নগাঁও,৮ ফেব্ৰুৱাৰী :ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰায়ে অগ্নিকাণ্ডৰ ফলত যথেষ্ট সম্পত্তিৰ লোকচান হোৱাৰ লগতে বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হয় । সাৱধানতা অৱলম্বন নকৰাৰ বাবেই বহু স্থানত অগ্নিকাণ্ড সংঘটিত হোৱা দেখা যায় । যাৰ বাবে সময়ে সময়ে আৰক্ষীৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি আহিছে । বিশেষকৈ গ্ৰামাঞ্চলত অগ্নি নিৰ্বাপক বাহিনীয়ে মক ড্ৰিল কাৰ্যসূচী ৰূপায়ণ কৰে ।

নগাঁৱত অগ্নি নিৰ্বাপক বাহিনীৰ সজাগতা সভাক লৈ বিতৰ্ক

নগাঁও জিলাত ধিং অগ্নি নিৰ্বাপক বাহিনীয়ে দগাঁও আৰক্ষী পহৰাচকীৰ সহযোগত আলিটাঙণি ছামিয়া ৰাইছ মিলত এই সন্দৰ্ভত এক সজাগতা সভাৰ আয়োজন কৰে (Fire Brigade Awareness Meeting at Dhing)। হঠাৎ সংঘটিত অগ্নিকাণ্ডৰ পৰা নিজকে কিদৰে ৰক্ষা কৰিব পাৰি তাৰ বিষয়ে এই সভাত ৰাইজক অৱগত কৰা হয় । কিন্তু এই সভাৰ মূল বেনাৰখনকলৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় (Controversy over awareness meeting) ।

কিয়নো বেনাৰখনত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটো থকাৰ উপৰিও তেওঁৰ ফটোৰ তলত অসমৰ মুখ্যমন্ত্ৰী বুলি উল্লেখ কৰা হৈছে । যাক লৈ অগ্নি নিৰ্বাপক বাহিনীক বিভিন্নজনে সমালোচনাও কৰে ।

লগতে পঢ়ক :চিৰাঙৰ ৰাজপথত সাংবাদিকক প্ৰহাৰ কৰি বীৰত্ব প্ৰদৰ্শন আৰক্ষী জোৱানৰ

ABOUT THE AUTHOR

...view details