নগাঁও,৮ মে': ৰাজ্যত দৈনিক বৃদ্ধি পাইছে ক'ভিড-১৯ ৰ সংক্ৰমণৰ হাৰ । এই সংক্ৰমণ ৰোধৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনসমূহে । নগাঁও জিলাতো মহামাৰীৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত নগাঁও চহৰৰ কেবাটাও অঞ্চলক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ৷
নগাঁৱৰ কেইবাটাও অঞ্চলক কণ্টেইনমেণ্ট জ'ন ঘোষণা - জিলা প্ৰশাসনে
পৰৱৰ্তী ১৫ দিন পৰ্যন্ত বন্ধ হৈ থাকিব নগাঁৱৰ সকলো সাপ্তাহিক আৰু দ্বি-সাপ্তাহিক বজাৰ । চহৰখনৰ কেইবাটাও অঞ্চলক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে । ক'ভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে জিলা দণ্ডাধীশে ।
![নগাঁৱৰ কেইবাটাও অঞ্চলক কণ্টেইনমেণ্ট জ'ন ঘোষণা Containment zone declared in Nagaon district](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11682511-300-11682511-1620451785647.jpg)
অহা ১৫ দিন পৰ্যন্ত বন্ধ হৈ থাকিব নগাঁৱৰ সকলো সাপ্তাহিক বজাৰ
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশনা অনুসৰি নগাঁৱৰ জিলা দণ্ডাধীশে সমগ্র জিলাখনত পৰৱৰ্তী ১৫ দিন পৰ্যন্ত সকলো সাপ্তাহিক আৰু দ্বি-সাপ্তাহিক বজাৰ বন্ধ ঘোষণা কৰিছে । তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ এই নিষেধাজ্ঞা জাৰি কৰা হৈছে । ইফালে প্ৰশাসনৰ নিয়ম ভংগকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰশাসনে সকীয়নি দিছে ।
লগতে পঢ়ক: টিংখাঙত ক'ভিড-১৯ সন্দৰ্ভত সজাগতা অভিযান