কলিয়াবৰ,7 ফেব্ৰুৱাৰী: শনিবাৰে 2020-2021 বিত্তীয় বৰ্ষৰ ৰাজ্যৰ স্বকীয় অগ্ৰাধিকাৰ আঁচনিৰ (এছ.অ.পি.ডি) অধীনত নিৰ্মাণ হ'বলগীয়া কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত কেইবাটাও পথৰ পকীকৰণ তথা মেৰামতি কাৰ্যৰ শুভাৰম্ভ কৰে বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই । 2017 চনত বানে উটুৱাই নিয়া কলং সুঁতিৰ ওপৰতো নতুন দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ৷
কলিয়াবৰত পথৰ পকীকৰণ তথা মেৰামতি কাৰ্যৰ শুভাৰম্ভ - কলিয়াবৰত পথৰ পকীকৰণ তথা মেৰামতি কাৰ্যৰ শুভাৰম্ভ
কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত কেইবাটাও পথৰ পকীকৰণ তথা মেৰামতি কাৰ্যৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই । 2017 চনতে বানে উটুৱাই নিয়া কলং সুঁতিৰ ওপৰত নতুন দলঙৰ নিৰ্মাণকাৰ্যৰ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ৷
কলিয়াবৰত পথৰ পকীকৰণ তথা মেৰামতি কাৰ্যৰ শুভাৰম্ভণি
বিগত 5 বছৰত অসম চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাত ৰাজ্যৰ গাঁও, নগৰ, চহৰ সমূহক ৰাস্তা-ঘাটেৰে আধুনিক ধৰণে সংযোগৰ প্ৰচেষ্টা কলিয়াবৰতো অব্যাহত ৰাখিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে । যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণৰ ধাৰা অব্যাহত ৰাখি শনিবাৰৰ দিনটোত কলিয়াবৰত ব্যস্ত হৈ পৰে মন্ত্ৰী কেশৱ মহন্ত ।
লগতে পঢ়ক:বিশ্বনাথ আৰু চৰাইদেউত চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব মোডীয়ে