ৰূপহীহাট, 18 ডিচেম্বৰ: ৰূপহীহাট সমষ্টিৰ বৰঘাট গাঁও পঞ্চায়তত বৃহস্পতিবাৰে বিধায়ক নুৰুল হুদা উপস্থিত হোৱাৰ পাচতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ একাংশ কংগ্ৰেছী কৰ্মীয়ে বিজেপি কৰ্মীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে সমষ্টিটোৰ বিজেপি কৰ্মীয়ে ৷ 6ৰ পৰা 7 জনীয়া কংগ্ৰেছী কৰ্মীৰ দল এটাই বি জে পিৰ সংখ্যালঘু মৰ্চাৰ ৰূপহী মণ্ডলৰ সভাপতি ছাজিবুল ইছলামকে ধৰি আন কেইজন মান লোকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ পঞ্চায়ত খনৰ সভানেত্ৰী গৰাকীৰ স্বামী আবুল কাচেম, শহুৰেক আবুল কালামাৰ অনুগত কেইজনমান কৰ্মীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে বিজেপি কৰ্মীয়ে ৷
ৰূপহীহাটত কংগ্ৰেছী কৰ্মীয়ে বিজেপি কৰ্মীক প্ৰহাৰ কৰাৰ অভিযোগ - কংগ্ৰেছী কৰ্মীয়ে বিজেপি কৰ্মীক প্ৰহাৰ
বৰঘাট গাঁও পঞ্চায়তত কংগ্ৰেছী কৰ্মীয়ে বিজেপি কৰ্মীক প্ৰহাৰ কৰাৰ অভিযোগ ৷ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাক সমষ্টিৰ উন্নয়নৰ বিষয়ে প্ৰশ্ন কৰাত 6 ৰ পৰা 7 জনীয়া কংগ্ৰেছী কৰ্মীৰ দল এটাই বিজেপি কৰ্মীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপি কৰ্মীয়ে ৷
![ৰূপহীহাটত কংগ্ৰেছী কৰ্মীয়ে বিজেপি কৰ্মীক প্ৰহাৰ কৰাৰ অভিযোগ Congress workers allegedly used to smite BJP workers](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9918325-thumbnail-3x2-hasdklf.jpg)
ৰূপহীহাটত কংগ্ৰেছী কৰ্মীয়ে বিজেপি কৰ্মীক প্ৰহাৰ কৰাৰ অভিযোগ
উল্লেখ্য যে, বিধায়ক নুৰুল হুদাক সমষ্টিৰ উন্নয়নৰ বিষয়ে প্ৰশ্ন কৰিছিল বিজেপি কৰ্মীসকলে তাৰ পাচতে নুৰুল হুদাৰ লগত থকা কংগ্ৰেছী কৰ্মীয়ে হাতে হাতে লাঠী, চোকা অস্ত্ৰলৈ বিজেপি নেতাসহ তিনিজন যুৱকক আক্ৰমণ কৰে ৷ এই আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় ছাজিবুল ইছলাম, মফিদুল ইছলাম, আৰিফুল ইছলাম আৰু আজমল নামৰ চাৰিজন লোক ৷
লগতে পঢ়ক:অসমৰ যুৱকেই বাংগালুৰুত ধৰ্ষণ কৰি হত্যা কৰিলে অসমৰে মেধাৱী ছাত্ৰীক