অসম

assam

ETV Bharat / state

পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিক লৈ নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিয়ে এতিয়া জুৰুলা কৰিছে জনসাধাৰণক । ৰাজপথত বাইক ঠেলি এক প্ৰতিকি প্ৰতিবাদেৰে নগাওঁ চহৰত সোচ্চাৰ হ'ল কংগ্ৰেছ । প্ৰতিবাদত অংশগ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে তীব্ৰ বাক্যবান এৰিলে বিজেপি চৰকাৰৰ বিৰুদ্ধে । কলে, বৰ্তমান অসমত প্ৰথম আৰু দ্বিতীয়জন মুখ্যমন্ত্ৰীৰ প্ৰতিযোগিতাৰ ফলত এতিয়া অধিক জীয়াতু ভুগিছে সৰ্বসাধাৰনে। মহামাৰী কৰ'ণাক লৈ চৰকাৰখনে ৰাজনীতিহে কৰাৰ অভিযোগ তুলিলে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ।

By

Published : Jun 29, 2020, 4:09 PM IST

congress-protest-on-price-hike-at-nagaon
পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিক লৈ নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

নগাঁও,২৯জুন:পেট্ৰল ডিজেলৰ ধাৰাবাহিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোমবাৰে নগাঁৱত সৰৱ হ'ল কংগ্ৰেছ । নগাওঁ জিলা কংগ্ৰেছৰ উদ্যোগত আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ সমীপতে এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰাৰ লগতে সমদল কৰি উপস্থিত হয়গৈ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত । অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে জিলা কংগ্ৰেছৰ প্ৰতিবাদী দলটোৱে ।

পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিক লৈ নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন সোচ্চাৰ হৈ পৰে বিজেপি শাসিত চৰকাৰখনৰ বিৰুদ্ধে । কৰ'ণাৰ আতংক আৰু লক ডাউনৰ ফলত সৰ্বসাধাৰণ জুৰুলা হৈ পৰা বুলি উল্লেখ কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে। ইয়াৰ মাজতে পুনৰ গুৱাহাটীত একেলগে ১৪ দিনীয়া লক ডাউন দি অনাকাংক্ষিত মূল্যবৃদ্ধিৰে সৰ্বসাধাৰণৰ মুৰত অধিক মাধমাৰ সোধোৱা বুলিও উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । বৰ্তমান বিজেপি চৰকাৰে প্ৰতিশোধৰ ৰাজনীতি কৰা বুলিও অভিযোগ কৰিছে কংগ্ৰেছৰ এইগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে ।

পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিক লৈ নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে সামাজিক দূৰত্বকে ধৰি চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিয়মসমূহ চৰকাৰী পক্ষই অধিক ভংগ কৰা বুলিও অভিযোগ কৰিলে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে । কৰ'ণাক লৈ বিজেপি চৰকাৰে নিকৃষ্ট ৰাজনীতি কৰা বুলিও অভিযোগ উত্থাপন কৰি ৰাজ্য চৰকাৰৰ প্ৰথম আৰু দ্বিতীয়জন মুখ্যমন্ত্ৰীৰ মাজত হোৱা প্ৰতিযোগিতাৰ পৰিনতিত সৰ্বসাধাৰণে অধিক জীয়াতু ভুগিব লগা হৈছে বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে ।

পেট্ৰল, ডিজেলৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাওঁ চহৰৰ ৰাজপথত বাইক ঠেলি এক প্ৰতিকী সমদলো কৰিলে প্ৰতিবাদত অংশগ্ৰহন কৰা কংগ্ৰেছী নেতা কৰ্মীয়েসকলে।

ABOUT THE AUTHOR

...view details