নগাঁও, ১ মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ নেতা-মন্ত্ৰীসকলে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হোৱাৰ বিপৰীতে ঠায়ে-ঠায়ে ভিন্ন দাবীৰে অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী । সোমবাৰে নগাঁৱতো শাসনাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিল বিৰোধী দল কংগ্ৰেছ ।
নগাঁও জিলা নিয়োগ বিনিময় কেন্দ্ৰত কংগ্ৰেছৰ প্ৰতিবাদ - নগাঁও জিলা কংগ্ৰেছ
নগাঁও জিলা নিয়োগ বিনিময় কেন্দ্ৰত কংগ্ৰেছৰ ধৰ্ণা । বিজেপি চৰকাৰে নিবনুৱাক সংস্থাপন দিব নোৱাৰাৰ অভিযোগ নগাঁও জিলা কংগ্ৰেছৰ ।
বিজেপি চৰকাৰে নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ । নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ সন্মুখত ৰূপায়ন কৰা হয় প্ৰতিবাদী কাৰ্যসূচী । নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ দিনত নিবনুৱা সমস্যা সমাধানৰ বিপৰীতে ভয়াৱহ ৰূপত নিবনুৱা বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন কৰিছে নগাঁও জিলা কংগ্রেছে । ধৰ্ণা কাৰ্যসূচীত কংগ্ৰেছৰ নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই অংশগ্ৰহণ কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।
লগতে পঢ়ক:আছুৰ প্ৰাক্তন উপ-সভাপতি প্ৰদীপ দাসৰ সিদ্ধান্তত জাঙুৰ খাই উঠিল বৰপেটা আছু