নগাঁও,৬ ফেব্ৰুৱাৰী :ৰাজ্যজুৰি আদানি গ্ৰুপ আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ দলে (Congress Protest against Adani Group)। আদানি গ্রুপৰ বিত্তীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে নগাঁৱতো কংগ্ৰেছ দলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । এল আই চি , এছ বি আইৰ ধন আত্মসাৎ কৰিব বিচৰা গৌতম আদানিক গ্ৰেপ্তাৰৰ দাবীত কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
আনহাতে কেন্দ্ৰীয় চৰকাৰকো কংগ্ৰেছৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰত্যাহ্বান জনায় । দেশৰ অৰ্থনীতি থানবান কৰিব বিচৰা গৌতম আদানিক গ্ৰেপ্তাৰ কৰি সাহস দেখুৱাবলৈ কংগ্ৰেছে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় (Congress protest at Nagaon) ।
উল্লেখ্য যে পুঁজিপতি ব্যৱসায়ী গৌতম আদানিৰ ব্যৱসায়িক সাম্ৰাজ্যত লগা খেলি-মেলিৰ বাবে দেশৰ অৰ্থনীতি একপ্ৰকাৰ থানবান হোৱাৰ উপক্ৰম হৈছে (Adani Group share market controversy)। দুটাকৈ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান এল আই চি আৰু এছ বি আইৰ ধন আত্মসাৎ কৰিব বিচৰা ব্যৱসায়ী গৌতম আদানিক সেয়ে গ্ৰেপ্তাৰৰ দাবী জনাইছে কংগ্ৰেছে ।
বিত্তীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে সোমবাৰে নগাঁৱত আয়োজিত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই চৰকাৰক তীব্ৰ সমালোচনা কৰে । নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত কেন্দ্ৰীয় চৰকাৰ আৰু গৌতম আদানিৰ বিৰুদ্ধে ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী । নগাঁৱৰ ষ্টেট বেংকৰ সন্মুখত কংগ্ৰেছ দলে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী (Congress Protest in front of SBI Nagaon)।