অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত শমিবাৰে সমগ্ৰ অসমতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছে ৷ নামনি অসমৰ দৰে উজনি অসমৰ সকলো প্ৰান্ততে অসম প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ জিলা কমিতিৰ পৰা মণ্ডল কংগ্ৰেছৰ কৰ্মী সকলে হাতে হাতে প্ল'কাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখ্য যে, ৰাজ্যত এফালে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সিতাৰমণে চাহ শ্ৰমিকক ধন পুৰষ্কাৰ বিতৰণ কৰিছে আনফালে অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে ৷ তাৰ সমান্তৰালভাৱে আন আন ৰাজনৈতিক দল সমূহেও চলাইছে 21ৰ নিৰ্বাচনীক কুচকাৱাজ ৷
নগাঁও : নগাঁৱৰ চামগুৰিত পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত বাজিয়াগাঁও আৰু লাওঁখোৱা ব্ল'ক কংগ্ৰেছৰ কৰ্মীসকলে পৃথকে পৃথকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ চামগুৰি, ৰঙাগড়া, আমনি আৰু মিছাত পেট্ৰ'ল পাম্পৰ কাষত শতাধিক কংগ্ৰেছ কৰ্মীয়ে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী। এই প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ দলৰ কেইবাজনো তৃণমূল নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ।
বাজিয়াগাঁও আৰু লাওঁখোৱা ব্ল'ক কংগ্ৰেছৰ প্ৰতিবাদ তিনিচুকীয়া: শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ নিৰ্দেশ মৰ্মে তিনিচুকীয়া ব্লক কংগ্ৰেছ কমিতিয়ে তিনিচুকীয়াৰ প্ৰকাশ বজাৰৰ পেট্ৰ'ল পাম্পৰ সন্মুখত এক তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কায্যসূচী ৰূপায়ন কৰে । অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত তিনিচুকীয়া ব্লক কংগ্ৰেছ কমিতিৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
তিনিচুকীয়াত কংগ্ৰেছৰ প্ৰতিবাদ তিনিচুকীয়া জিলা কংগ্ৰেছ ভৱনৰ পৰা সমদল কৰি প্ৰতীকি ৰূপত মটৰ চাইকেল ঠেলাত কঢ়িয়াই আনি প্ৰতিবাদ সাব্যস্ত কৰে জিলা ব্লক কংগ্ৰেছ কমিটিৰ সদস্যসকলে । এই কায্যসূচীত কংগ্ৰেছৰ ভাতৃ সংগঠন মহিলা কংগ্ৰেছ , যুৱ কংগ্ৰেছ , এন এছ ইউ আই আদিয়ে অংশগ্ৰহণ কৰে ৷
মৈৰাবাৰী:অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত মৈৰাবাৰী ব্লক কংগ্ৰেছ কমিতিয়েও তিনি ঘন্টীয়া অৱস্থতা ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ৷ মৈৰাবাৰী ব্লক কংগ্ৰেছ কমিতিৰ কৰ্মীসকলে চৰকাৰ বিৰোধী শ্ল'গানেৰে মৈৰাবাৰীৰ পেট্ৰল পাম্পৰ সম্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ কাৰ্যসূচীত শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
মৈৰাবাৰীত কংগ্ৰেছৰ প্ৰতিবাদ ডিব্ৰুগড়:পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত শনিবাৰে ডিব্ৰুগড়ৰ লাহোৱালত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে । পেট্ৰ'ল-ডিজেল, ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই কাৰ্যসূচীত লাহোৱাল সমষ্টিৰ কংগ্ৰেছ কমিতিৰ যুৱনেতা মনোজ ধানোৱাৰে অংশগ্ৰহণ কৰে ৷
ডিব্ৰুগড়ৰ লাহোৱালত কংগ্ৰেছৰ প্ৰতিবাদ ধেমাজি:শনিবাৰে ধেমাজি ব্লক কংগ্ৰেছ কমিতিৰ উদ্যোগতোপেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ ধেমাজি নগৰৰ পেট্ৰ'ল পাম্পৰ চৌহদত অৱস্থান ধৰ্মঘট কাযসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ কংগ্ৰেছ কৰ্মীসকলে মূল্য বৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ মুৰ্দাবাৰ্দ, নৰেন্দ্ৰ মোডী মুৰ্দাবাৰ্দ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাৰ্দ, হিমন্ত বিশ্ব হায় হায় আদি ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷
ধেমাজি ব্লক কংগ্ৰেছ কমিতিৰ প্ৰতিবাদ বিশ্বনাথ:বিশ্বনাথ জিলা কংগ্ৰেছ কমিতিয়েও শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে । বিশ্বনাথ নগৰত থকা পেট্ৰল পাম্প সমূহত এই প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰে বিশ্বনাথ জিলা কংগ্ৰেছ কমিতি কৰ্মীসকলে । অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত বিশ্বনাথ জিলাৰ শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক: ইতিহাস ! দেশৰ প্ৰথমটো পূৰ্ণকালীন মহিলা কোব্ৰা বেটালিয়ন মুকলি