নগাঁও, 10 জুলাই : "ক'ভিডসৃষ্ট পৰিৱেশে জুৰুলা কৰা সাধাৰণ জনতাৰ ওপৰত এতিয়া মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাইছে । মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰখনে এতিয়া সামৰিক বাহিনী লগাই সাধাৰণ জনতাক গুলীয়াবলৈ লগাই দিছে ৷ বিদ্যুৎ মাচুল ৰেহাই দিয়াৰ বিপৰীতে বিজেপি চৰকাৰে ব্ৰিটিছৰ দৰে পাইকাৰী জৰিমনা বিহাৰ ফলত বিদ্যুতৰ মাচুল তিনিগুন, চাৰিগুন বৃদ্ধি হৈছে ৷" শনিবাৰে নগাঁৱত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিৰোধী উপ-দলপতি ৰকিবুল হুছেইনে ৷
নগাঁও চহৰৰ ৰাজপথত পেডেল মাৰি মাৰি মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনৰ লগতে নগাঁও লোকসভা সমষ্টিৰ সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে ৷ পেট্ৰ'ল-ডিজেলকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সমগ্ৰীৰ মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত নগাঁও জিলা কংগ্ৰেছে নগাঁও ৰাজীৱ ভৱনৰ পৰা এক চাইকেল সমদল উলিয়াই ৷
ক'ভিড প্ৰট'কল ৰক্ষা কৰি নগাঁও চহৰত কংগ্ৰেছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আৰম্ভ কৰে গণস্বাক্ষৰ অভিযান । মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে স্বাক্ষৰ কৰা পৰিলক্ষিত হয় । কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক চোকা সমালোচনা কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।