অসম

assam

ETV Bharat / state

প্ৰশান্ত ফুকনক বিধায়ক পদৰ পৰা পদত্যাগ কৰিবলৈ আহ্বান কংগ্ৰেছ নেতা মানস বৰাৰ - নগাঁও ৰাজীৱ ভৱনৰ সন্মূখত কংগ্ৰেছৰ প্ৰতিবাদ

হাতত ছিলিণ্ডাৰ লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁও জিলা কংগ্ৰেছৰ প্ৰতিবাদ । প্ৰশান্ত ফুকনক বিধায়ক পদৰ পৰা পদত্যাগ কৰিবলৈ আহ্বান কংগ্ৰেছী নেতা মানস বৰাৰ(Congress protest against price hike at Nagaon) ।

congress-protest-against-price-hike-at-nagaon
প্ৰশান্ত ফুকনক বিধায়ক পদৰ পৰা পদত্যাগ কৰিবলৈ আহ্বান কংগ্ৰেছ নেতা মানস বৰাৰ

By

Published : Apr 1, 2022, 6:59 PM IST

নগাওঁ, 1 এপ্ৰিল :পেট্ৰল ডিজেলকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক কোঙা কৰাৰ সময়ত পুনৰ বিভিন্ন সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাক আৰম্ভ হৈছে প্ৰতিবাদ(Congress holds nationwide protest against price hike)। শুক্ৰবাৰে নগাঁও জিলা কংগ্ৰেছেও মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। নগাঁও ৰাজীৱ ভৱনৰ সন্মুখত সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেতা মানস বৰা। মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁও জিলা কংগ্ৰেছে সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে কংগ্ৰেছ নেতা মানস বৰা ।

প্ৰশান্ত ফুকনক বিধায়ক পদৰ পৰা পদত্যাগ কৰিবলৈ আহ্বান কংগ্ৰেছ নেতা মানস বৰাৰ

কংগ্ৰেছ চৰকাৰৰ আমোলত আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্যবৃদ্ধি হোৱাৰ পিছতো দেশত সৰ্বসাধাৰণক চৰকাৰে সকাহ দিবলৈ সক্ষম হৈছিল বুলি মন্তব্য কৰি সেই সময়ৰ প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙলৈ খাৰু পঠিয়াই প্ৰতিবাদ সাব্যস্ত কৰা ৰাষ্ট্ৰীয় বিজেপি নেত্ৰী স্মৃতি ইৰাণী এতিয়া মূল্যবৃদ্ধিৰ বিৰুদ্ধে নিমাত বুলি মন্তব্য কৰে কংগ্ৰেছী নেতা মানস বৰাই । পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত গৰু গাড়ীত উঠি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা বিজেপি বিধায়ক প্ৰশান্ত ফুকনক বিধায়ক পদৰ পৰা পদত্যাগ কৰিবলৈ আহ্বান জনায় মানস বৰাই।

ইফালে প্ৰশান্ত ফুকনক বিধায়ক পদৰ পৰা পদত্যাগ কৰি ৰাইজৰ পক্ষ লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাত মাতিলে চৰকাৰে শুনিব পাৰে বুলিও মন্তব্য কৰে কংগ্ৰেছী নেতা মানস বৰাই । শুক্ৰবাৰে নগাঁও ৰাজীৱ ভৱনৰ সন্মূখত সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্য্যসূচীত বিজেপি চৰকাৰৰ বিৰুদ্ধে নানা শ্ল'গানেৰে উত্তাল কৰি তোলে। হাতে হাতে বিভিন্ন প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰতিবাদকাৰী কংগ্ৰেছ নেতা কৰ্মীয়ে হাতে ৰন্ধন গেছ ছিলিণ্ডাৰ লৈ সাব্যস্ত কৰে প্ৰতিবাদ।

লগতে পঢ়ক :নিলম্বনৰ পাছত বিধায়ক ছিদ্দিক আহমেদৰ বিস্ফোৰণ

ABOUT THE AUTHOR

...view details