অসম

assam

নগাঁৱৰ কচুৱাত কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ

নগাঁৱৰ কচুৱাত কান্ধত নাঙল-যুৱলী,হাতে হাতে বেনাৰ প্লে-কাৰ্ড লৈ কৃষি আইন বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

By

Published : Oct 10, 2020, 7:33 PM IST

Published : Oct 10, 2020, 7:33 PM IST

নগাঁৱৰ কচুৱাত কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ

বঢ়মপুৰ,10অক্টোবৰ: শনিবাৰে নগাঁৱৰ কচুৱাত কংগ্ৰেছ দলে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে । কঠীয়াতলী ব্লক কংগ্ৰেছৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখযোগ্য যে,কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কৃষক বিৰোধী কৃষি বিধেয়ক বাতিলৰ দাবীত ইতিমধ্যে বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । সমান্তৰালকৈ নগাঁও জিলাৰ কচুৱাতো উক্ত আইনখনৰ বিৰুদ্ধে শনিবাৰে কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে কান্ধত নাঙল-যুৱলী, হাতে হাতে বেনাৰ প্লে-কাৰ্ড লৈ বিধেয়ক বাতিলৰ দাবী তোলে । লগতে কৃষকৰ ওপৰত অত্যাচাৰ নচলিব,বিজেপি মূর্দাবাদ,অসম চৰকাৰ হায় হায়,বিজেপি নিপাত যাওক আদি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে সমগ্ৰ কচুৱা অঞ্চল কঁপাই তোলে প্ৰতিবাদকাৰী সকলে ।

ABOUT THE AUTHOR

...view details