বটদ্ৰৱা, 8 জানুৱাৰীঃ ৰাজ্যজুৰি চলিয়েই আছে সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ ৷ বটদ্ৰৱাত বুধবাৰে কংগ্ৰেছৰ নাগৰিকত্ব সংশোধনী প্ৰতিবাদী সভা ৷ এই প্ৰতিবাদী সভাত অংশগ্ৰহণ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ ৷ ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ টি-20 খেলৰ সময়ত মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক দিয়া 'গ' বেক ধ্বনিয়ে বুজাই দিছে বিজেপি চৰকাৰক অসমৰ ৰাইজে কিমান ভাল পাই এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ। বটদ্ৰৱা সমষ্টিৰ ভোমোৰাগুৰিত অনুষ্ঠিত এই সভাত বিজেপি চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰি সাংসদ গৰাকীয়ে কয় যে, বিজেপি দল অসম বিৰোধী গতিকে এনে সাম্প্ৰদায়িক দলক আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজক উচিত প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনায়।
'গ' বেক ধ্বনিয়ে বুজাইছে বিজেপিক অসমৰ ৰাইজে কিমান ভাল পায়ঃ গৌৰৱ গগৈ - কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ
বটদ্ৰৱা সমষ্টিৰ ভোমোৰাগুৰিত বুধবাৰে কংগ্ৰেছৰ নাগৰিকত্ব সংশোধনী প্ৰতিবাদী সভা ৷ বিজেপিক তীব্ৰ কটাক্ষ সাংসদ গৌৰৱ গগৈৰ ৷

আনহাতে তেওঁ কয় যে ৰাইজৰ ৰোষত পৰাৰ ভয়ত নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণ দুবাৰকৈ বাতিল কৰিব লগীয়াহ’ল। ইয়াৰোপৰি আগন্তুক বিধানসভা নিৰ্বাচনত এ.আই.ইউ.ডি.এফৰ লগত মিত্ৰতা প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সকলো দল সংগঠন একত্ৰিত কৰি বিৰোধিতা কৰিছো আৰু এই বিষয়ে আগন্তুক সময়ত সিদ্ধান্ত লোৱা হ’ব। উক্ত সভাত প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিৱামণি বৰাৰ লগতে কংগ্ৰেছৰ নেতা-কৰ্মী উপস্থিত থাকে ।
আৰু পঢ়কঃব্যতিক্ৰমী পন্থাৰে ডুমডুমাত সাব্যস্ত কা বিৰোধী প্ৰতিবাদ
TAGGED:
বটদ্ৰৱা সমষ্টিৰ ভোমোৰাগুৰি