কলিয়াবৰ, 2 ছেপ্তেম্বৰ :কংগ্ৰেছ দলৰ বৰ্ষীয়ান নেতা তথা তিনিবাৰকৈ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰা তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে বুধবাৰে কলিয়াবৰত কংগ্ৰেছৰ নেতা-কৰ্মীসকলে বন্তি প্ৰজ্বলন কৰাৰ লগতে শ্ৰীশ্ৰী সৌভাগ্য মাধৱ দেৱালয়ত শৰাই আগবঢ়াই প্ৰাৰ্থনা কৰে ।
ঐতিহ্যমণ্ডিত কলিয়াবৰৰ স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্ব কালত প্ৰতিষ্ঠিত শ্ৰীশ্ৰী সৌভাগ্য মাধৱ দেৱালয়ত কলিয়াবৰৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা প্ৰদীপ বৰুৱা, প্ৰশান্ত শইকীয়া, যতীন বৰা, যুৱ কংগ্ৰছৰ নেতা মেঘনাথ ছেত্ৰীকে ধৰি কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছ কমিটীৰ বহুকেইজন নেতা-কৰ্মী উপস্থিত থাকি বৰ্ষীয়ান নেতা গৰাকীৰ সোনকালেই সুস্থ হৈ ৰাজনীতিৰ পথাৰলৈ পুনৰ সক্ৰিয়তাৰে উভতি আহিব বুলি আশা প্ৰকাশ কৰিছে ।