অসম

assam

ETV Bharat / state

প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ বিতৰ্কিত আঁচনি সমৰ্থন কৰাৰ ৰহস্য কি - Pradyut Bordoloi is in the spotlight

সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি চৰকাৰৰ এখন বিতৰ্কিত আঁচনিক সমৰ্থন কৰি কৰা মন্তব্য বিশেষ চৰ্চা লাভ কৰিছে (Pradyut Bordoloi is in the spotlight) । বিদ্যাঞ্জলী আঁচনিক (Vidyanjali school volunteer programme) সমৰ্থন কৰাৰ পাছতেই তৃণমূল পৰ্যায়ৰ একাংশ কংগ্ৰেছীৰ মাজত আৰম্ভ হয় গুণা-গথা । পূৰ্বেও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দিল্লীত সাক্ষাৎ কৰি চৰ্চিত হোৱা কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে চৰকাৰৰ এই আঁচনি সমৰ্থন কৰি মন্তব্য কৰাৰ পাছতেই বিভিন্নজনৰ মাজত উত্থাপন হৈছে নানা প্ৰশ্নৰ ।

Vidyanjali school volunteer programme
প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ বিতৰ্কিত আঁচনি সমৰ্থন কৰাৰ ৰহস্য কি?

By

Published : Aug 23, 2022, 10:16 PM IST

নগাঁও, 23 আগষ্ট: বিগত দুটা দিন ধৰি এটা বিষয়ে চর্চা লাভ কৰিছে ৰাজ্যৰ ৰাজনীতিত । কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি চৰকাৰৰ এখন বিতৰ্কিত আঁচনিক সমৰ্থন কৰি কৰা মন্তব্য বিশেষ চৰ্চা লাভ কৰিছে (Pradyut Bordoloi is in the spotlight) । ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ এখন পত্ৰই অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিত্তীয় সংকটৰ কথা উদঙাই দিছিল (Letter by Minister Ranoj Pegu)।

চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনিৰ দুৰৱস্থা উদঙাই শিক্ষামন্ত্ৰীগৰাকীয়ে আৰ্থিক অনুদান বিচৰাৰ দ্বায়িত্ব দিছিল বিধায়কসকলক ৷ বিদ্যাঞ্জলী (Vidyanjali school volunteer programme) নামৰ আঁচনিৰ জৰিয়তে শিক্ষামন্ত্ৰীয়ে বিচাৰিছিল অনুদান । যাক লৈ সমগ্ৰ ৰাজ্যজুৰি সূচনা হৈছিল এক নতুন বিতৰ্কৰ । দল-সংগঠন, ব্যক্তি বিশেষে ডাঃ পেগুৰ এই পত্ৰক তীক্ষ্ণ সমালোচনা কৰিছিল । আনকি বিৰোধী দল কংগ্ৰেছৰো বহু নেতাই বিৰোধিতা কৰিছিল বিদ্যাঞ্জলী আঁচনিৰ (Protest against Vidyanjali school volunteer programme)।

প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ বিতৰ্কিত আঁচনি সমৰ্থন কৰাৰ ৰহস্য কি?

ইয়াৰ মাজতে হঠাৎ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ এটা মন্তব্য । কংগ্ৰেছৰ একাংশ নেতাই বিদ্যাঞ্জলী আঁচনিৰ বিৰোধিতা কৰাৰ সময়তে বিজেপি চৰকাৰৰ এই আঁচনিক সমৰ্থন কৰিলে কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে (MP Pradyut Bordoloi on Vidyanjali)। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে নিজে পঢ়ি অহা বিদ্যালয়লৈ অনুদান আগবঢ়োৱাটো কোনো গৰ্হিত কাম নহয় । সেয়া ঠিকেই আছে । কিন্তু চৰকাৰী বিদ্যালয়ৰ দুৰ্বল আন্তঃগাঁথনিৰ প্ৰসংগত সাংসদগৰাকীয়ে কোনো মন্তব্য নকৰা বিষয়টোও লাভ কৰিছে ব্যাপক চর্চা ।

ৰণোজ পেগুৰ পত্ৰখন নিজে পঢ়া নাই বুলিও উল্লেখ কৰি অনুদান বিচৰা কাৰ্যক ধিক্কাৰ দিয়াটো উচিত নহয় বুলি মন্তব্য কৰিছিল সাংসদ বৰদলৈয়ে । প্ৰদ্যুৎ বৰদলৈয়ে শিক্ষামন্ত্ৰীৰ বিদ্যাঞ্জলী আঁচনিক সমৰ্থন কৰাৰ পাছতেই তৃণমূল পৰ্যায়ৰ একাংশ কংগ্ৰেছীৰ মাজত আৰম্ভ হয় গুণা-গথা । পূৰ্বেও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দিল্লীত সাক্ষাৎ কৰি চৰ্চিত হোৱা কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে চৰকাৰৰ এই আঁচনি সমৰ্থন কৰি মন্তব্য কৰাৰ পাছতেই বিভিন্নজনৰ মাজত উত্থাপন হৈছে নানা প্ৰশ্নৰ ।

সাংসদগৰাকীয়ে বিজেপিত যোগদান নকৰে বুলি লম্ফ জম্ফ কৰিলেও সাংসদগৰাকীয়ে বিজেপিলৈ যোৱাৰ পথ মসৃণ কৰিবলৈয়ে চৰকাৰৰ আঁচনি সমৰ্থন কৰিছে বুলি চর্চা চলিছে একাংশৰ মাজত । অৱশ্যে বৰ্তমানো কংগ্ৰেছৰ শক্তিশালী গণভিত্তি থকাৰ কথা উল্লেখ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

লগতে পঢ়ক:২৯ আগষ্টত কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হ’ব লাগিব মনীষ চিছোদিয়া

ABOUT THE AUTHOR

...view details