নগাঁও, 15 নৱেম্বৰ :নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে ৰাজনৈতিক নেতাৰ দলত্যাগ আৰু যোগদানৰ ৰাজনীতি ৷ কিছু দিনৰ পূৰ্বে নগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুৰেশ বৰাৰ বিজেপিত যোগদানৰ খবৰে ৰাজ্যত বিশেষ চৰ্চা লাভ কৰিছিল ৷ সমান্তৰালকৈ জিলা কংগ্ৰেছৰ সভপতি পদক লৈও তিনি কংগ্ৰেছ নেতা সাংসদ গৌৰৱ গগৈ, সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক ৰকিবুল হুছেইনৰ মাজত শীতল যুদ্ধ চলা বুলি চৰ্চালৈ আহিছিল ৷
কিন্তু সন্দেহ কৰা বিষয়টো প্ৰকৃততে সঁচা নেকি ! কাৰণ বুধবাৰে নগাঁৱৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ এখন দলীয় কৰ্মীসভা অনুষ্ঠিত হয় ৷ প্ৰদেশ কংগ্ৰেছৰ প্ৰায়সকল নেতা উপস্থিত আছিল উক্ত সভাত ৷ কিন্তু জাক-জমকতাৰে অনুষ্ঠিত দলীয় কৰ্মীসভাত উপস্থিত নহ’ল নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷
অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনসহ বহু কংগ্ৰেছ নেতা উক্ত সভাত উপস্থিত আছিল যদিও সাংসদ বৰলৈক দেখা নগ’ল সভাত ৷ যাৰ বাবে এতিয়া চৰ্চা চলিছে কংগ্ৰেছে নিজা সমষ্টিতে দলীয় কাৰ্যৰ পৰা এলাগী কৰিলে নেকি সাংসদ বৰদলৈক ৷ আনহাতে কাৰ্যলয়ৰ চৌহদত আঁৰি থোৱা বেনাৰসমূহতো নাছিল সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ফটো ৷