নগাঁও,6 জুলাই:বিগত বৰ্ষৰ শেষৰফালে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ অসমত সদৌ অসম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৰাজ্য়ৰ বিভিন্ন দল-সংগঠনে গঢ়ি তুলিছিল এক তীব্ৰ আন্দোলন । সলনি হৈছিল অসমৰ প্ৰেক্ষাপট ৷ কা বিৰোধী আন্দোলনক কেন্দ্ৰ কৰিয়ে এতিয়া সুযোগৰ সন্ধানত ব্যস্ত ৰাজ্যৰ মুখ্য বিৰোধী দল কংগ্ৰেছ । সোমবাৰে নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত ইয়ং ব্ৰিগেড সেৱা দলৰ কৰ্মী সভাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মন্তব্যত স্পষ্ট হৈছে এই স্থিতি । কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে বিশাল জনসভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ইতিমধ্য়ে চৰকাৰে জাৰি কৰা নিৰ্দেশনাৰ পিছত নিচেই কম সদস্যৰে কংগ্ৰেছে নগাঁৱত অনুষ্ঠিত কৰে এক দলীয় সভা ৷ উক্ত সভাত উপস্থিত থাকি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বিজেপি দলৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হয় ৷
২০২১ চনত কংগ্ৰেছৰ নেতৃত্বত কা বিৰোধী শক্তিয়ে লাভ কৰিব এশ আসন:কোনে ক'লে? - বিজেপি চৰকাৰ
২০২১ চনত কংগ্ৰেছৰ নেতৃত্বত কা বিৰোধী শক্তিয়ে লাভ কৰিব এশ আসন ৷ নগাঁৱত সোমবাৰে অনুষ্ঠিত ইয়ং ব্ৰিগেডৰ এক কৰ্মীসভাত উক্ত মন্তব্য আগবঢ়াই প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনে ৷ তদুপৰি বিজেপি চৰকাৰৰ বিৰুদ্ধেও সৰৱ হৈ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে ৷
মন্ত্ৰী হুছেইনে আগন্তক বিধানসভা নিৰ্বাচনত বিজেপিয়ে কৰা এশ আসন লাভৰ দাবীক ওফোৰাই কংগ্ৰেছে এই সফলতা লাভ কৰিবলৈ সক্ষম হ’ব বুলি ব্যক্ত কৰে ৷ লগতে বিজেপি চৰকাৰৰ দিনতে কয়লাৰ অবৈধ ব্যৱসায় আৰু ছিণ্ডিকেট চলাৰ অভিযোগ উত্থাপন কৰে ৰকিবুল হুছেইনে । তদুপৰি টোলগেট স্থাপন আৰু অখিল গগৈৰ শেহতীয়া স্বাস্থ্য সন্দৰ্ভতো বহু গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷ মুঠৰ ওপৰত এয়া বিজেপি চৰকাৰৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ এক কৌশল বুলি অভিহিত কৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনে ৷