নগাঁও,24 ফেব্ৰুৱাৰীঃনগাঁও ১০ নং লোকসভা সমষ্টিৰ অন্তৰ্গত বকুলগুৰি নলাপাৰা আৰু লংজাপত সাংসদ প্ৰদ্যুৎ বৰদলৈক অভিনন্দন জনোৱাৰ উদ্দেশ্যে দুখনকৈ বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ স্বাধীনতাৰ পাছৰে পৰা বহু সাংসদ আহিল আৰু গ'ল কিন্তু কোনো এজন সাংসদৰ পদধূলা বকুলগুৰি অঞ্চলত নপৰিল ৷ যাৰ বাবে সাংসদ প্ৰদ্যুৎ বৰদলৈক উস্ম আদৰণি জনাবলৈ পায় উৎফুল্লিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ সভাত উপস্থিত থাকি সাংসদ প্ৰদ্যুৎ মন্তব্য কৰে যে "ধৰ্ম নিৰপেক্ষ দেশত নগাঁও সংসদীয় সমষ্টিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ শোষিত বঞ্চিত লোক সকলৰ হৈ সংসদৰ মজিয়াত এক কণ্ঠ হৈ থিয় দিম ৷
মোডী চৰকাৰৰ সমালোচনা কৰিলেই জেলত ভৰাই থয়ঃ প্ৰদ্যুৎ বৰদলৈ - congress meeting
কামপুৰ বকুলগুৰি নলাপাৰা আৰু লংজাপত সাংসদ প্ৰদ্যুৎ বৰদলৈক অভিনন্দন জনোৱাৰ উদ্দেশ্যে দুখনকৈ বিশাল ৰাজহুৱা সভা । সভাত ধৰ্ম নিৰপেক্ষ দেশত নগাঁও সংসদীয় সমষ্টিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ শোষিত বঞ্চিত লোক সকলৰ হৈ সংসদৰ মজিয়াত এক কণ্ঠ হৈ থিয় দিম ৷ লগতে বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰ খনক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে, মোডী চৰকাৰৰ সমালোচনা কৰিলেই জেলত ভৰাই থয় বুলি মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷
![মোডী চৰকাৰৰ সমালোচনা কৰিলেই জেলত ভৰাই থয়ঃ প্ৰদ্যুৎ বৰদলৈ প্ৰদ্যুৎ বৰদলৈ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6192183-1086-6192183-1582576484882.jpg)
লগতে বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰ খনক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে, মোডী চৰকাৰৰ সমালোচনা কৰিলেই জেলত ভৰাই থয় ৷ দেশ খনক হিন্দু মুছলিমৰ মাজত ভাগ ভাগ নকৰি সকলোকে একগোট কৰি আগুৱাই নিবলৈ চৰকাৰক আহ্বান জনায় ৷ এই সভাতে বকুলগুৰি অঞ্চলৰ গঢ়াখহনীয়াকে ধৰি বিভিন্ন সমস্যা সমূহ সমাধান কৰিবৰ বাবে সাংসদ গৰাকীক অৱগত কৰে ৷ উল্লেখ্য যে কঠিয়াতলী ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভা দুখনত ৰহা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুনেশ্বৰ দাস,শশী দাস,দ্বীপ দাস,ইন্দ্ৰ মোহন দাস আৰু ছাইফুল ইছলামৰ লগতে বহু কংগ্ৰেছ নেতা উপস্থিত থাকে ৷
আৰু পঢ়কঃ NSCN আৰু আছাম ৰাইফলছৰ সংঘৰ্ষত গুলীবিদ্ধ সাধাৰণ নাগৰিক