অসম

assam

ETV Bharat / state

জাতিদ্ৰোহী বিশ্বাস ঘাটক অসম গণ পৰিষদ দলঃ ৰিপুন বৰা - ৰিপুন বৰা

বটদ্ৰৱা থানত আৰ্শীষ ললে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, ৰকিবুল হুছেইন আৰু প্ৰদ্যুত বৰদলৈয়ে

জাতিদ্ৰোহী বিশ্বাস ঘাটক অসম গণ পৰিষদ দলঃ ৰিপুন বৰা

By

Published : Mar 26, 2019, 2:21 PM IST

নগাঁও, 26 মাৰ্চঃ" অগপ বিজেপিয়ে অসমৰ ৰাইজৰ লগত নাটক কৰি আছে আৰু সেই নাটকৰ জৰিয়তে মূৰ্খ সজাব বিচাৰিছে অসমৰ ৰাইজক, জাতিদ্ৰোহী বিশ্বাস ঘাটক অসম গণ পৰিষদ দল" । এই মন্তব্য অসম প্ৰদেশ কংগ্ৰছ দলৰ সভাপতি ৰিপুন বৰাৰ ৷

মঙলবাৰে মনোনয়ন দাখিলৰ পূৰ্বে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰছ দলৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ সৈতে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত আশিষ লবলৈ নগাঁৱত উপস্থিত হয় কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু ৰকিবুল হুছেইন ৷ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে কংগ্ৰেছৰ এ আই ইউ ডি এফৰ লগত গোপন মিত্রতা হোৱা নাই সেয়ে তেওঁলোকে সকলো সমষ্টিতে প্ৰাৰ্থী দিছে ৷ আৰু ৮ৰ পৰা ১০ খন আসন পাব বুলিও উল্লেখ কৰে তেখেতে ।

জাতিদ্ৰোহী বিশ্বাস ঘাটক অসম গণ পৰিষদ দলঃ ৰিপুন বৰা
ইয়াৰোপৰিতেখেতে বিজেপিক কতাক্ষ কৰি কয় যে গোপন বুজাবুজি থকাৰ বাবেই বিজেপিয়ে এ আই ইউ ডি এফক ব্যৱহাৰ কৰি ২০১৬ চনৰ নিৰ্বাচনত অসমত কংগ্ৰেছক পৰাস্ত কৰিছিল ৷ আনহাতে বদৰুদিন আজমলৰ নেতৃত্বাধীন দলটোৰ কৰ্মকৰ্তাসকল শেহতীয়া ভাৱে ইজনৰ পিছত সিজন কৈ কংগ্ৰেছত যোগদান দিছে আৰু কিছুদিনৰ পাচত দলটো কংগ্ৰেছত বিলীন হ'ব বুলিও মন্তব্য প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই । তদুপৰি অসমৰ সংখ্যালঘু লোকসকলে বদৰুদ্দিন আজমল সংখ্যালঘুৰ ত্ৰানকৰ্তানহয় বুলি ভালদৰে বুজিছে আৰু সংখ্যালঘুসকলক কেৱল ঢাল হিচাপে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি আছে বুলিও তেখেতে উল্লেখ কৰে ৷

ABOUT THE AUTHOR

...view details