নগাঁও, 3 এপ্ৰিল :দেওবাৰে গুৱাহাটীত অনুষ্ঠিত যোৱা আম আদমী পাৰ্টীৰ সভাত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অংশগ্ৰহণ আৰু ভাষণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে । অৰবিন্দ কেজৰিৱালে অসমৰ ৰাইজক অতিথি পৰায়ণ বুলি কৰা মন্তব্যকহে সমৰ্থন কৰা বুলি উল্লেখ কৰি আন মন্তব্য সন্দৰ্ভত সমৰ্থন কৰা নকৰা পিচৰ কথা বুলি উল্লেখ কৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ।
অসমৰ মুখ্যমন্ত্ৰীগৰাকী এতিয়া ভয়ত ত্ৰস্তমান হৈ আছে বুলিও একালৰ বন্ধু তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে (Congress leader Rockybul Hussain comments on Assam CM Himanta Biswa Sarma) । তেওঁ মুখ্যমন্ত্ৰী ড৹ শৰ্মাক কটাক্ষ কৰি কয়, ‘‘মুখ্যমন্ত্ৰীয়ে এতিয়া ছাঁ টোকে বাঘ দেখে । মুখ্যমন্ত্ৰীগৰাকীৰ হেনো এতিয়া ভয় হৈছে ৷ কোনে, কেতিয়া তেওঁৰ বিৰুদ্ধে কি কথা কৈ দিয়ে ঠিক নাই’’ ।
লগতে পঢ়ক :TMC protest in Guwahati: গুৱাহাটীত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি