নগাঁও,৩ মে': শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতৃত্বত একত্ৰিত হোৱা বিৰোধী ঐক্য মঞ্চৰ সন্দৰ্ভত তীৰ্যক মন্তব্য কৰা এ আই ইউ ডি এফ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিৰোধী ঐক্যৰ নেতৃত্ব (Rana Goswami Slams Ajmal) । সাংসদ বদৰুদ্দিন আজমলৰ এনে মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিতিয়েও ।
বুধবাৰে নগাঁৱত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে প্ৰত্যুত্তৰ দিয়ে সাংসদ বদৰুদ্দিন আজমলৰ মন্তব্যৰ । নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত আজমল প্ৰসংগত ৰাণা গোস্বামীয়ে কয় যে, এ আই ইউ ডি এফৰ সৈতে থকা কংগ্ৰেছৰ মিত্ৰতা ইতিমধ্যেই ভংগ কৰাৰ পিচত আজমলৰ শেষ ভৰষা আছিল কংগ্ৰেছ হাইকামণ্ড (Assam Pradesh Congress Committee) ।
তেওঁ লগতে কয় যে, দিল্লীৰ ওচৰতো গুৰুত্বহীন হৈ পৰা আজমলৰ মন্তব্য এতিয়া থৰক বৰক হৈ পৰিছে । আজমলৰ মন্তব্যই এতিয়া ধুবুৰীতো হাঁহিৰ খোৰাক যোগোৱা বুলিও আজমলক কটাক্ষ কৰে ৰাণা গোস্বামীয়ে । ধুবুৰীতো আজমলে বৰ্তমান হেৰুৱাইছে ভৰিৰ তলৰ মাটি । ২০২৪ ৰ লোকসভা নিৰ্বাচনত ধুবুৰীত এ আই ইউ ডি এফ ধুলিস্যাৎ হ'ব বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰাণা গোস্বামীয়ে (AIUDF chief Badruddin Ajmal)।