অসম

assam

ETV Bharat / state

নগাঁৱত মনোনয়ন দাখিল টিকট বঞ্চিত দুই কংগ্ৰেছ নেতাৰ - কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মা

নগাঁৱত মনোনয়ন দাখিল টিকট বঞ্চিত দুই কংগ্ৰেছ নেতাৰ। নগাঁও সদৰ সমষ্টিৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাই মনোনয়ন দাখিল কৰাৰ পিছত পুনৰ কংগ্ৰেছৰ পৰাই মনোনয়ন দাখিল ডাঃ দুৰ্লভ চমুৱাৰ। ৰহা সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল গুণেশ্বৰ দাসৰ।

নগাঁৱত মনোনয়ন দাখিল টিকট বঞ্চিত দুই কংগ্ৰেছ নেতাৰ
নগাঁৱত মনোনয়ন দাখিল টিকট বঞ্চিত দুই কংগ্ৰেছ নেতাৰ

By

Published : Mar 12, 2021, 10:24 PM IST

নগাঁও,12 মাৰ্চঃ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিনা মনোনয়ন দাখিল কৰিলে নগাঁৱৰ টিকট বঞ্চিত দুই কংগ্ৰেছ নেতাই। নগাঁও সদৰ বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাই মনোনয়ন দাখিল কৰাৰ পিছত শুকুৰবাৰে পুনৰ কংগ্ৰেছ দলৰ পৰাই মনোনয়ন দাখিল কৰে ডাঃ দুৰ্লভ চমুৱাই । কংগ্ৰেছ নেতৃত্বই শান্তনু শৰ্মাক প্ৰদান কৰা প্ৰাৰ্থীত্ব বাতিল কৰি চমুৱাক প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে দলৰ শীৰ্ষ নেতৃত্বক আবেদন জনাই ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে ডাঃ দুৰ্লভ চমুৱাই । মনোনয়ন পৰীক্ষণৰ পূৰ্বে কংগ্ৰেছ দলে দলীয় প্ৰাৰ্থীত্ব প্ৰদান নকৰিলে নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি ডাঃ দুৰ্লভ চমুৱাই উল্লেখ কৰে ৷

নগাঁৱত মনোনয়ন দাখিল টিকট বঞ্চিত দুই কংগ্ৰেছ নেতাৰ

আনহাতে কংগ্ৰেছৰ পৰা টিকট নাপাই ৰহাৰ গুণেশ্বৰ দাসেও নিৰ্দলীয় হৈ কৰিব প্ৰতিদ্বন্দিতা ৷ ৰহাত কংগ্ৰেছৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত । টিকট নাপাই কংগ্ৰেছ ত্যাগ প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাসৰ । ৰহা সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দিতা কৰিব গুণেশ্বৰ দাসে । ২০০৬ চনত এআইইউডিএফ দলৰ পৰা বিধান সভালৈ নিৰ্বাচিত হৈছিল গুণেশ্বৰ দাস । সুবিধাবাদী গুণেশ্বৰে ২০১৭ চনত এআইইউডিএফ এৰি কংগ্ৰেছত যোগদান কৰিছিল আৰু ২০২১ ৰ বাবে কংগ্ৰেছৰ টিকটৰ প্ৰৱল দাবীদাৰ আছিল । কিন্তু কংগ্ৰেছৰ পৰাও টিকট নাপাই হতাশাগ্ৰস্ত গুণেশ্বৰ দাসে নিৰ্দলীয়ভাৱে আগবাঢ়িছে নিৰ্বাচনী যুঁজলৈ । শুকুৰবাৰে মনোনয়ন দাখিলৰ পূৰ্বে নিজৰ শক্তি প্ৰদৰ্শন কৰে গুণেশ্বৰে দাসে । লক্ষণীয়ভাৱে গুণেশ্বৰ দাসৰ লগত দেখা গ'ল কংগ্ৰেছৰ আন এজন নেতা তথা টিকট প্ৰত্যাশী নগাঁও জিলাৰ অনুসূচীত জাতি উন্নয়ন ব'ৰ্ডৰ প্ৰাক্তন সভাপতি দীপ দাসক।

নগাঁৱত মনোনয়ন দাখিল টিকট বঞ্চিত দুই কংগ্ৰেছ নেতাৰ

লগতে পঢ়কঃ 7 সমষ্টিৰ পৰিৱৰ্তে বিটিচিৰ বাহিৰে ভিতৰে 9 টা সমষ্টিত প্ৰাৰ্থীত্ব দিব ইউপিপিএলে

ABOUT THE AUTHOR

...view details