নগাঁও, ২৪ আগষ্ট: নগাঁৱৰ ৰাজীৱ ভৱনত বৃহস্পতিবাৰে যেন আবতৰীয়া বিহু । হাতত ঢোল লৈ এয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । সাংসদ প্ৰদ্যুৎ বৰদলৈৰ হাতত জুনুকা, হঠাৎ এক উৎসৱমুখৰ পৰিবেশ নগাঁও ৰাজীৱ ভৱনত । ইয়াৰ মাজতে ঝুমুৰৰ তালে তালে নাচিলে বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে । কেৱল এয়াই নহয়, নগাঁও ৰাজীৱ ভৱনতেই হাতত হেংদাং লৈ বিজেপিৰ বিৰুদ্ধে যেন যুদ্ধ ঘোষণা কংগ্ৰেছৰ । জিলা কংগ্ৰেছৰ কাৰ্যালয়ত ঢাল-তৰোৱাল লৈ সাজু ভূপেন বৰা । ভূপেন বৰাৰ লগতে ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়া আৰু নুৰুল হুদাৰ ৰণহুংকাৰ ।
বৃহস্পতিবাৰে নগাঁও ৰাজীৱ ভৱনত অনুষ্ঠিত হয় কংগ্ৰেছৰ সামাজিক মাধ্যমৰ এক প্ৰশিক্ষণ শিবিৰ ৷ এই শিবিৰত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াসহ কেইবাগৰাকীও কংগ্ৰেছ নেতাই । নগাঁও ৰাজীৱ ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ সামাজিক মাধ্যমৰ প্ৰশিক্ষণ শিবিৰৰ পৰাই যেন লোকসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধিলে কংগ্ৰেছে ।
ইফালে লোকসভাৰ মজিয়াত নানা প্ৰশ্ন উত্থাপন কৰি বিগত কিছুদিন ধৰি ৰাজ্যৰ ৰাজনীতিত চৰ্চিত সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈ । গৌৰৱ গগৈয়েই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ল'ব বুলিও সৰ্বত্ৰে চলিছে চর্চা । ইয়াৰ মাজতে গৌৰৱ গগৈক সৰু ল'ৰা আখ্যা দি সমালোচনা কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সুৰতে যেন এইবাৰ সুৰ মিলালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । নগাঁও ৰাজীৱ ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ সামাজিক মাধ্যমৰ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য । গৌৰৱ গগৈৰ বয়স কম । সেয়ে উঠি অহা প্ৰজন্মক নেতৃত্ব দিব পৰাকৈ প্ৰস্তুত হৈছে গৌৰৱ গগৈ । কিন্তু তেওঁৰ কথাত যেন উমান পোৱা গ’ল অলপ অসন্তুষ্টিৰ ৷