অসম

assam

ETV Bharat / state

বিধায়ক শশীকান্ত দাসক কংগ্ৰেছৰ পৰা নিলম্বন - দলবিৰোধী কাৰ্যকলাপৰ বাবে নিলম্বিত কংগ্ৰেছ বিধায়ক

অনুশাসন ভংগ তথা দলবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ৰহাৰ বিধায়ক শশীকান্ত দাসক নিলম্বন কৰা(Congress expelled MLA Sashikanta Das) বুলি জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ববিতা শৰ্মাই । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতি মুকলি সমৰ্থন জনোৱাৰ পিছতে বিধায়ক শশীকান্ত দাসলৈ প্ৰদেশ কংগ্ৰেছে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল ।

Congress expelled Raha MLA Sashikanta Das
বিধায়ক শশীকান্ত দাসক কংগ্ৰেছৰ পৰা নিলম্বন

By

Published : Dec 31, 2021, 8:55 PM IST

গুৱাহাটী, ৩১ ডিচেম্বৰ : অৱশেষত, কংগ্ৰেছৰ পৰা নিলম্বন কৰা হ'ল ৰহাৰ বিধায়ক শশীকান্ত দাসক(Congress expelled MLA Sashikanta Das)। বছৰটোৰ শেষ দিনটোতে বিধায়ক শশীকান্ত দাসক কংগ্ৰেছৰ পৰা নিলম্বন কৰা হয় । শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC president Bhupen Borah) ৰহাৰ বিধায়ক শশীকান্ত দাসক আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰে । অনুশাসন ভংগ তথা দলবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ৰহাৰ বিধায়ক দাসক নিলম্বন কৰা বুলি জানিবলৈ দিয়ে অসম কংগ্ৰেছৰ সাধাৰণ সম্পাদক ববিতা শৰ্মাই ।

বিধায়ক শশীকান্ত দাসক কংগ্ৰেছৰ পৰা নিলম্বন

উল্লেখ্য যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতি মুকলি সমৰ্থন জনোৱাৰ পিছতে বিধায়ক শশীকান্ত দাসলৈ প্ৰদেশ কংগ্ৰেছে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল(Show cause notice to MLA Sashikanta Das) । কংগ্ৰেছ দলত থাকিয়েই কংগ্ৰেছী বিধায়কজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি বিজেপি নেতৃত্বাধীন চৰকাৰক সমৰ্থন কৰাৰ পোষকতা কৰিছিল । ইয়াৰ পিছতেই, ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত প্ৰদেশ কংগ্ৰেছে তেওঁলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল ।

তেওঁ জাননীৰ উত্তৰ দিছিল যদিও কংগ্ৰেছ দলৰ নেতৃত্ব সন্তুষ্ট হোৱা নাছিল । ইয়াৰ পাছত তেওঁক কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকলৈ কৈফিয়ৎ তলবৰ বাবে আমন্ত্রণ জনোৱা হৈছিল যদিও তেওঁ উপস্থিত নাছিল । অৱশেষত শুকুৰবাৰে তেওঁক কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰা হয় ।

লগতে পঢ়ক :Year 2021 for Assam politics : অলেখ ৰাজনৈতিক উত্থান-পতনৰ সাক্ষী হৈ ৰ'ল ২০২১ বৰ্ষ

ABOUT THE AUTHOR

...view details