অসম

assam

ETV Bharat / state

এগৰাকী প্ৰভাৱশালী মন্ত্ৰী বিৰুদ্ধে ক্ষোভ ৰকিবুল হুছেইনৰ! - ex minister rakibul hussain

মন্ত্ৰীগৰাকীয়ে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক অন্য ফালে ঢাল খোৱাৰ চেষ্টা কৰা বুলিও অভিযোগ কৰে ।

ৰকিবুল হুছেইন
এগৰাকী প্ৰভাৱশালী মন্ত্ৰী বিৰুদ্ধে ক্ষোভ ৰকিবুল হুছেইনৰ!

By

Published : Dec 19, 2019, 2:54 AM IST


নগাঁও, 18 নৱেম্বৰঃ নগাঁৱত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সংবাদমেল । সংবাদমেলত নাম নোলোৱাকৈ আক্ৰমণৰ লক্ষ্য এগৰাকী প্ৰভাৱশালী মন্ত্ৰীক । 17 ডিচেম্বৰ মঙলবাৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী আইন 2019 বিৰোধী আন্দোলনৰ নামত জনতা ভৱনত আক্ৰমণত জড়িত লোকৰ তালিকা প্ৰকাশ কৰাৰ পিছতেই বুধবাৰে নগাঁৱস্থিত ৰাজীৱ ভৱনত সংবাদ মেল আয়োজন কৰি নাম নোলোৱাকৈ এগৰাকী মন্ত্ৰীৰ সমালোচনাত মুখৰ হয় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ।

এগৰাকী প্ৰভাৱশালী মন্ত্ৰী বিৰুদ্ধে ক্ষোভ ৰকিবুল হুছেইনৰ!

যুৱ কংগ্ৰেছৰ নেতাই ছিণ্ডিগেটৰ বিৰুদ্ধে মাত মতাৰ আখেজ পুৰাবলৈ চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে আন্দোলনৰ নামত হিংসা বিয়পোৱা বুলি ভুল তথ্য দিয়াৰ অভিযোগ উত্থাপন কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । মন্ত্ৰীগৰাকীয়ে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক অন্য ফালে ঢাল খোৱাৰ চেষ্টা কৰা বুলিও অভিযোগ কৰে ।

এগৰাকী প্ৰভাৱশালী মন্ত্ৰী বিৰুদ্ধে ক্ষোভ ৰকিবুল হুছেইনৰ!

কংগ্ৰেছত থকাৰ সময়তো মুখ্যমন্ত্ৰী হোৱাৰ চেষ্টা কৰি বিফল হৈ এতিয়া বিজেপিতো মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখা বুলি মন্ত্ৰীজনক কটাক্ষ কৰি ৰকিবুল হুছেইনে সংবাদ মেলতে কবিতা পাঠ কৰে। লগতে অসমত আগন্তুক ২০২১ ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ চৰকাৰ গঠন কৰিলে অসমত এই আইন কাৰ্যকৰী কৰিবলৈ দিয়া নহ'ব বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে।

ABOUT THE AUTHOR

...view details