অসম

assam

ETV Bharat / state

Congress Jana Jagaran Abhiyan : বিজেপি চৰকাৰক মাটিৰ গোন্ধ লোৱা আহ্বান ৰকিবুল হুছেইনৰ - জন জাগৰণ অভিযানত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে

মূল্য বৃদ্ধিৰ বিৰোধিতাৰে কংগ্ৰেছৰ জন জাগৰণ অভিযান । বৃহস্পতিবাৰে নগাঁৱৰ চামগুৰিত জন জাগৰণ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছৰ নেতা-কৰ্মীয়ে(Congress Jana Jagaran Abhiyan in Samaguri) ।

Congress conducts Jana Jagaran Abhiyan in Samaguri
চামগুৰিত কংগ্ৰেছৰ জন জাগৰণ অভিযান

By

Published : Nov 25, 2021, 7:13 PM IST

চামগুৰি, ২৫ নৱেম্বৰ: নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে অসমতো আৰম্ভ কৰিছে জন জাগৰণ অভিযান(Congress Jana Jagaran Abhiyan in Assam) । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বৃহস্পতিবাৰে নগাঁৱৰ চামগুৰিতো জন জাগৰণ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছৰ নেতা-কৰ্মীয়ে । মূল্যবৃদ্ধিৰ বিৰোধিতাৰে আৰম্ভ কৰা এই জন জাগৰণ অভিযান(Jana Jagaran Abhiyan against price hike)ত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈ(Gaurav Gogoi joins Jana Jagaran Abhiyan), চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাৰ লগতে বহু নেতা-কৰ্মীয়ে ।

মূল্যবৃদ্ধি ৰোধৰ দাবীত চামগুৰি তিনিআলিৰ পৰা বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ কাৰ্যালয়লৈকে কংগ্ৰেছে সমদল উলিয়াই(APCC rally against price hike) । আশ্চিক মহম্মদ নাজাৰ আৰু আব্দুল চৌভানৰ লগতে দুই সহস্ৰাধিক কৰ্মী-সমৰ্থকে এই সমদলত অংশ লয় । বিজেপি চৰকাৰক সমালোচনা কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে, বিজেপিয়ে নিৰ্বাচন জিকিব জানে, কিন্তু শাসন তথা ৰাইজৰ সমস্যা সমাধান কৰিব নাজানে । জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত চৰকাৰে কি কৰিছে বুলিও সাংসদগৰাকীয়ে প্ৰশ্ন কৰে ।

চামগুৰিত কংগ্ৰেছৰ জন জাগৰণ অভিযান

আনহাতে, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাই কয় যে, তেওঁৰ অনুভৱ হৈছে যে, বিজেপি চৰকাৰ যেন সংকটত পৰিছে । কংগ্ৰেছৰ পৰা বিধায়ক গ'লেহে ৰক্ষা কৰিব পাৰিব চৰকাৰ ।

সেয়েহে, বিজেপিয়ে কংগ্ৰেছৰ বিধায়ক বেচা-কিনাৰ চেষ্টা কৰিছে বুলিও তেওঁ কটাক্ষ কৰে । তেওঁ লগতে কয় যে, কংগ্ৰেছে প্ৰতিবাদ কৰাৰ কাৰণেহে কেন্দ্ৰীয় চৰকাৰে কৃষি আইন বাতিল কৰিবলৈ বাধ্য হ'ল । ইফালে, বিজেপি চৰকাৰক ওপৰত উৰি ফুৰা চৰকাৰ বুলি কটাক্ষ কৰি চৰকাৰক তললৈ নামি আহি মাটিৰ গোন্ধ ল'বলৈ আহ্বান জনায় বিধায়ক ৰকিবুল হুছেইনে(Rakibul Hussain joins Jana Jagaran Abhiyan) ।

লগতে পঢ়ক:Assam Lok Sabha MPs in Parliament : কোন কিমান সক্ৰিয়, কোন নিমাতী কইনা ?

For All Latest Updates

ABOUT THE AUTHOR

...view details