অসম

assam

By

Published : Mar 11, 2021, 6:07 PM IST

ETV Bharat / state

মনোনয়ন দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাই

প্ৰাৰ্থিত্ব লাভ কৰি এটা দিনৰ ভিতৰতে মনোনয়ন দাখিল কৰিলে নগাঁও সদৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাই ।

নগাঁৱত মনোনয়ন দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাই
নগাঁৱত মনোনয়ন দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাই

নগাঁও,11 মাৰ্চ: প্ৰাৰ্থিত্ব লাভ কৰি এটা দিনৰ ভিতৰতে শক্তি প্ৰদৰ্শনৰে মনোনয়ন দাখিল কৰিলে নগাঁও সদৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাই । বুধবাৰে নিশা কংগ্ৰেছে ঘোষণা কৰা প্ৰাৰ্থী তালিকাত শান্তনু শৰ্মাৰ নাম অন্তৰ্ভূক্ত হোৱাৰ পিছত বৃহস্পতিবাৰে ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাই ।

নগাঁৱত মনোনয়ন দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাই

বিগত দুটাকৈ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰিছিল যদিও প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত শান্তনু শৰ্মাক এইবেলি জনপ্ৰিয়তাৰ ভিত্তিত কংগ্ৰেছ নেতৃত্বই প্ৰাৰ্থিত্ব প্ৰদান কৰা বুলি চৰ্চিত হৈছে । বৃহস্পতিবাৰে নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা বিশাল শোভাযাত্ৰাৰে শক্তি প্ৰদৰ্শন কৰি মনোনয়ন দাখিল কৰে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে ।

লগতে পঢ়কঃ নামছাঙৰ প্ৰচাৰ সভাত নাহৰকটীয়া বিজেপি প্ৰাৰ্থী তৰংগ গগৈ

ABOUT THE AUTHOR

...view details