অসম

assam

ETV Bharat / state

নগাঁৱত কংগ্ৰেছ-বিজেপিৰ সংঘাতঃ ভাঙি চুচূৰ্মৈ ৰকিবুল হুছেইনৰ বাহন - Nagaon incident

নগাঁওত ৰকিবুল বাহিনীক পহুখেদা দিলে চামগুৰিবাসী ৰাইজে ৷ কংগ্ৰেছ আৰু বিজেপি দলৰ সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাত ভাঙি চুচূৰ্মৈ ৰকিবুল হুছেইনৰ বাহন ৷

নগাঁও কংগ্ৰেছ বিজেপিৰ ভয়ংকৰ সংঘাত

By

Published : May 29, 2019, 4:47 PM IST

নগাঁও, 29 মেঃনগাঁওৰ চামগুৰিত ৰকিবুল হুছেইনৰ সন্মুখতে ভয়ংকৰ সংঘাটত লিপ্ত কংগ্ৰেছ আৰু বিজেপি কৰ্মী ৷ বুধবাৰে চামগুৰিৰ বৰমাত সংঘটিত হয় এই কাণ্ড ৷

অধিক পঢ়কঃ নৰেন্দ্ৰ মোডীৰ ওচৰত কিয় ক্ষমাপ্ৰাৰ্থী মমতা বেনাৰ্জী !

ৰকিবুলৰ দুৰ্গখ্যাত বৰমাত একাংশ লোকে ভাঙি চুচূৰ্মৈ কৰি দিয়ে ৰকিবুলৰ লাখটকীয়া বাহন ৷ আনহাতে কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত সংঘটিত আক্ৰমণৰ ঘটনাত গুৰুতৰভাৱে আহত হয় দুগৰাকী বিজেপি কৰ্মী ৷

নগাঁও কংগ্ৰেছ বিজেপিৰ ভয়ংকৰ সংঘাত

বিজেপিয়ে নিৰ্বাচনত জয়লাভ কৰাৰ আনন্দ উল্লাসৰ মাজতে এইদৰে বিজেপি কৰ্মীক আক্ৰমণ কৰে ৰকিবুলৰ ব্যক্তিগত সুৰক্ষাকৰ্মীয়ে ৷ আনহাতে একাংশ কংগ্ৰেছী কৰ্মীয়ে ৰকিবুল হুছেইনৰ বাহনখনৰ ক্ষতিসাধন কৰাৰ অভিযোগ উত্থাপন কৰিছে আক্ৰমণৰ বলি হোৱা বিজেপি কৰ্মীয়ে ৷

ABOUT THE AUTHOR

...view details