অসম

assam

ETV Bharat / state

এখন বজাৰক কেন্দ্ৰ কৰি ধিঙত দুটা ফৈদৰ ভয়ানক সংঘৰ্ষ ! - dhing conflict

ধিঙৰ ১ নং কান্ধুলীমাৰীত লক্ ডাউন অমান্য কৰি বজাৰ বহুওৱাক কেন্দ্র কৰি ভয়ানক সংঘৰ্ষ । মহিলাসহ আহত ১২ জনকৈ লোক । আৰক্ষীয়ে আটক কৰে এজনক ৷

conflict between two party in dhing
conflict between two party in dhing

By

Published : May 2, 2020, 7:34 PM IST

Updated : May 2, 2020, 8:21 PM IST

বটদ্ৰৱা, 2 মে' :সমগ্ৰ বিশ্বজুৰি মহামাৰীৰূপে দেখা দিয়া কৰ'ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সম্প্রতি অব্যাহত আছে লক্ ডাউন । কিন্তু বৰ্তমানেও হ্ৰাস পোৱা নাই মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণ । ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে লক্ ডাউনৰ সময়সীমা ১৭ মে'লৈকে বৃদ্ধি কৰিছে ।

কিন্তু কেন্দ্রীয় চৰকাৰৰ এই নীতি-নিয়মমক ভেঙুচালি কৰি লক্ ডাউনৰ সময়ছোৱাত জনাৱ আলী পাঠানৰ নেতৃত্বত ধিঙৰ ১ নং কান্ধুলীমাৰীত বজাৰ বহুওৱাৰ অভিযোগ উঠিছিল । য'ত মানুহৰ ব্যাপক সমাগম হৈ আহিছিল । জনাৱ আলীৰ এনে নীতি বিৰুদ্ধ কাৰ্য-কলাপত বাধা প্ৰদান কৰিছিল গাঁওৰক্ষী বাহিনীৰ সম্পাদক নজৰুল ইছলামে । কেৱল বাধা প্ৰদান কৰাই নহয়, এই সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰিছিল ধিং আৰক্ষীক ।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ বন্ধ কৰি থৈ আহিছিল বজাৰখন । ইয়াতে গাওঁৰক্ষী বাহিনীৰ সম্পাদক নজৰুল ইছলামৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছিল জনৱ আলী পাঠান আৰু পৰিয়ালৰ লোক । সম্পূর্ণ পূৰ্ব পৰিকল্পিতভাৱে আজিত আলী পাঠানৰ নেতৃত্ব অহা এটা গুণ্ডা দলে চোকা অস্ত্র আৰু দা- যাঠিৰে আক্ৰমণ কৰে গাওঁৰক্ষী বাহিনীৰ সম্পাদক নজৰুল ইছলামৰ লগতে মহম্মদ আলী, আজিজুল ইছলাম,, আব্দুল কাদিৰ, ফাইজুল ইছলাম,মনিৰুল ইছলাম, আকবৰ আলী, আবুবক্কৰ চিদ্দিক, মনিৰুল ইছলাম, বাহাৰুল ইছলাম আৰু মাজাহাৰুল ইছলামক।

এখন বজাৰক কেন্দ্ৰ কৰি ধিঙত দুটা ফৈদৰ ভয়ানক সংঘৰ্ষ !

দুই ফৈদৰ মাজত সংঘটিত আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ঘটনাত তেজেৰে লুতুৰি-পুতুৰি হয় মহিলা সহ ১২ জনকৈ লোক । আহত আটাইকে ততাতৈয়াকৈ ধিং এফ আৰ ইউলৈ অনা হয় যদিও গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ পৰিয়ালৰ তিনিজনৰ অৱস্থা অতি সংকটজনক হোৱাত চিকিৎসকে নগাঁৱলৈ প্ৰেৰণ কৰে।ঘটনাসংক্ৰান্তত আৰক্ষীয়ে অভিযান চলাই পাঠান ফৈদৰ আজিত আলী পাঠানক আটক কৰে ৷ এই ঘটনাক কেন্দ্র কৰি বৰ্তমানেও তীব্ৰ চাঞ্চল্য অব্যাহত আছে সমগ্র অঞ্চলটোত ।

লগতে পঢ়ক :সোমবাৰৰ পৰা জন ধনৰ একাউন্টত পাব দ্বিতীয় কিষ্টিৰ 500 টকাঃ বিত্ত মন্ত্ৰী

Last Updated : May 2, 2020, 8:21 PM IST

ABOUT THE AUTHOR

...view details