চামগুৰি,18 নৱেম্বৰ : নগাঁৱৰ ৰূপহীহাটৰ পূৱ শিঙিমাৰীত এটা পথক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘাতৰ ৷
প্ৰাপ্ত তথ্য় অনুসৰি, ৰূপহীহাটৰ পূৱ শিঙিমাৰীৰ এটা পঞ্চায়তৰ পথেৰে আব্দুল মুতালিব নামৰ লোকজনৰ পৰিয়ালৰ লোকে অহা-যোৱা কৰাত দীৰ্ঘ দিনৰ পৰা বাধা প্ৰধান কৰি আহিছিল আশ্বাদুজ জামান নামৰ লোকজনৰ পৰিয়ালে ৷
সোমবাৰে আশ্বাদুজ জামান আৰু আব্দুল মুতালিব দুয়ো ফৈদৰ মাজত হোৱা কাজিয়াৰ মীমাংসা কৰিবলৈ স্থানীয় ৰাইজ একত্ৰিত হৈছিল যদিও দুয়োটা ফৈদে প্ৰথমে তৰ্কত লিপ্ত হয় আৰু তাৰ পাচত এটা ফৈদে আনটো ফৈদক আক্ৰমণ কৰি পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে ৷
আশ্বাদুজ জামানৰ ফৈদৰ একাংশ লোকে মুতালিবৰ পৰিয়ালৰ লোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত এগৰাকী কলেজীয়া ছাত্ৰী গুৰুতৰভাৱে আহত হয় ৷ আহত ছাত্ৰী গৰাকীক অতি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ৷ ইফালে ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে ৰূপহীহাট আৰক্ষী থানাত গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক :হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গলৈ জন্মদিনৰ শুভেচ্ছা...