অসম

assam

ETV Bharat / state

সমাপ্ত হ’ল 74 সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল; বিজয় অইল ইণ্ডিয়া দুলিয়াজান - Football match held in Nagaon

নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত সমাপ্ত হয় 74 সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল ৷ এই ফুটবল খেলখনত অসম ৰাইফলছক পৰাস্ত কৰি দুলীয়াজানৰ অ’ইল ইণ্ডিয়া ফুটবল ক্লাৱে চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে (Oil India Duliajan win Independence Cup football) ।

Concluded 74th Independence Day Cup football match
স্বাধীনতা কাপ ফুটবলৰ চেম্পিয়ন অইল ইণ্ডিয়া দুলিয়াজান

By

Published : Sep 24, 2022, 10:52 PM IST

নগাঁও, 24 ছেপ্টেম্বৰ : শনিবাৰে সমাপ্ত হয় 74 সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল খেল (Concluded 74th Independence Day Cup football match) ৷ নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা 74 সংখ্যক সৰ্বভাৰতীয় আমন্ত্ৰণমূলক স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত দুলীয়াজানৰ অ’ইল ইণ্ডিয়া ফুটবল ক্লাৱে চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে (Oil India Duliajan win Independence Cup football)।

নৈশালোকত অনুষ্ঠিত তুমুল প্ৰতিদ্বন্দ্বিতামূলক ফাইনেল খেলখনত অ’ইল ইণ্ডিয়াই অসম ৰাইফলছ ফুটবল ক্লাৱক 1-0 গ’লত পৰাজিত কৰে । খেলৰ 26 মিনিটত চিৰণদদীপ মৰাণে অ’ইল ইণ্ডিয়াৰহৈ বিজয়সূচক গ’লটো দিয়ে । উল্লেখ্য যে, নগঞা দৰ্শকৰ প্ৰিয় দলটোৱে এইবাৰকে ধৰি সপ্তম বাৰলৈ স্বাধীনতা দিৱস কাপৰ খিতাপ লাভ কৰে (Independence day cup football 2022) ।

স্বাধীনতা কাপ ফুটবলৰ চেম্পিয়ন অইল ইণ্ডিয়া দুলিয়াজান

লগতে পঢ়ক :মৰাণত যুৱ-ছাত্ৰ পৰিষদৰ আন্তঃজিলা ফুটবল প্ৰতিযোগিতা

শনিবাৰে আয়োজিত হোৱা খেলখন পৰিচালনা কৰাত ৰেফাৰী বাজু টিছ’ক সহায় কৰে জীৱন গগৈ, নিৰ্মল ভটাচাৰ্য আৰু দেবাশীষ মজুমদাৰে । ফাইনেল খেলখনৰ আৰম্ভণিতে মুখ্য অতিথি কমনৱেলথ গেমছৰ লন বলত স্বৰ্ণ পদকপ্ৰাপ্ত নয়নমণি শ‌ইকীয়াৰ (CWG 2022 Medal winner Nayanmoni Saikia) লগতে সন্মানীয় অতিথিসকলক খেলুৱৈসকলৰ সৈতে চিনাকি কৰি দিয়া হয় ।

খেলৰ অন্তত (Football match held in Nagaon) সামৰণি অনুষ্ঠানত মুখ্য অতিথি নয়নমণি শইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক ৰে’ল মন্ত্ৰী তথা নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি ৰাজেন গোহাঁই, নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা নগাঁও ক্ৰীড়া সংস্থাৰ কাৰ্যবাহী সভাপতি ৰূপক শৰ্মা, বন সংমণ্ডল বিষয়া ভাস্কৰ ডেকা, সমাজকৰ্মী অশোক দাস, ক্ৰীড়া সংগঠক প্লাৱন বৰুৱা আদিয়ে বিভিন্ন বঁটাসমূহ বিতৰণ কৰে ।

উল্লেখ্য যে, অ’ইলৰ আক্ৰাং নাৰ্জাৰী সৰ্বোচ্চ গ’ল দাতা, টপো ব্ৰহ্ম শ্ৰেষ্ঠ খেলুৱৈ আৰু নগাঁৱৰ সঞ্জীৱন সমাজে শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :স্বাধীনতা কাপ ফুটবলৰ চূড়ান্ত বিজয়ী অইল ইণ্ডিয়া দুলিয়াজান

ABOUT THE AUTHOR

...view details