অসম

assam

By

Published : Dec 24, 2022, 7:22 PM IST

ETV Bharat / state

Platinum jubilee of Nowgong College : সামৰণি পৰিল নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী

নগাঁও জিলাৰ উচ্চ শিক্ষাৰ অন্যতম বাটকটীয়া ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ে (স্বতন্ত্ৰ) পাৰ কৰিলে গৌৰৱোজ্জল 75 টা বছৰ (Platinum jubilee of historic Nowgong College)৷ সেই উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচীৰে নগাঁও মহাবিদ্যালয়ৰ প্ৰাংগনত আয়োজন কৰা হৈছে মহাৰজত জয়ন্তী ৷ য’ত বৰ্তমানৰ শিক্ষাৰ্থীৰ লগতে বহু প্ৰাক্তন শিক্ষাৰ্থীৰো সমাবেশ হোৱা পৰিলক্ষিত হৈছে ৷

Conclude platinum jubilee of Nowgong College
নগাঁও মহাবিদ্যালয়ে পাৰ কৰিলে গৌৰৱোজ্জল 75 টা বছৰ

উদুলি মুদুলি নগাঁও মহাবিদ্যালয়ৰ বাকৰি

নগাঁও, 24 ডিচেম্বৰ :উদুলি-মুদুলি ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ বাকৰি ৷ শুক্ৰবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ অনুষ্ঠান (Platinum jubilee of historic Nowgong College) ৷ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা এই মহাৰজত জয়ন্তীৰ অনুষ্ঠান শনিবাৰে সামৰণি পৰে (Platinum Jubilee Closing Ceremony of Nowgong College) ৷

মহাৰাজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি শনিবাৰে উলিওৱা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা । এই শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই । লগতে এই অনুষ্ঠানত উপস্থিত থাকে মহাবিদ্যালয়খনৰ আন এগৰাকী প্ৰাক্তন ছাত্ৰ তথা বিধায়ক ৰূপক শৰ্মা ।

বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত বহু প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহনেৰে উলিওৱা এই শোভাযাত্ৰাক কেন্দ্ৰ কৰিয়েই সমগ্ৰ নগাঁও চহৰতে এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয় ৷ এই শোভাযাত্ৰাত অসমীয়া-কৃষ্টি সংস্কৃতি বিশেষকৈ নাট-ভাওনা, মাজুলীৰ মুখাশিল্প ইত্যাদিৰ উপৰিও ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ বিভিন্ন চৰিত্ৰ আদিও প্ৰদৰ্শন কৰা হয় ৷

লগতে পঢ়ক :Story of Nalbari Physicaly Handicap Youth : হুইল চেয়াৰত বহিয়েই পিতৃৰ সপোন জীয়াই ৰখাৰ চেষ্টা এজন যুৱকৰ

উল্লেখ্য যে, পুৱা পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভ হয় মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান ৷ এই অনুষ্ঠানৰ পতাকা উত্তোলন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ৰূপক শৰ্মাই ৷ ইয়াৰ পাচতে শ্বহীদ তৰ্পন কাৰ্যসূচী অনুষ্ঠিত হয় ৷

এই উপলক্ষে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহাবিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ মহামিলনে এক অনন্য মাত্ৰা প্ৰদান কৰে ৷ ইফালে বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠানত উপস্থিত হৈ পুৰণি স্মৃতি ৰোমন্থন কৰি এক প্ৰকাৰে আবেগিক হৈ পৰা পৰিলক্ষিত হয় ৷

1944 চনতে স্বাধীনতা সংগ্ৰামী মতিৰাম বৰাৰ লগতে নগঞা একাংশ জ্ঞানপিপাসু আৰু সমাজহিতৈষী ব্যক্তিৰ কষ্ট আৰু ত্যাগৰ বিনিময়ত প্ৰতিষ্ঠা লাভ কৰিছিল নগাঁও মহাবিদ্যালয়ে ৷ 1944 চনৰ পৰাই বৰ্তমানলৈকে নিজৰ স্বকীয়তা বজাই ৰাখিবলৈ সক্ষম হৈছে ঐতিহাসিক নগাঁও মহাবিদ্যালয়ে ৷ এক স্বৰ্ণিল শৈক্ষিক ইতিহাস বহন কৰি অহা এই নগাঁও মহাবিদ্যালয়ে বিগত সময় চোৱাত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ চক্ষু মুকলি কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :Singer Deeplina being mentally harassed: কণ্ঠশিল্পী দীপলিনা ডেকাক মানসিক হাৰাশাস্তি কৰি আটক হ’ল যুৱক

ABOUT THE AUTHOR

...view details