অসম

assam

ETV Bharat / state

এটা সংগঠনৰ নেতাৰ বিৰুদ্ধে নগাঁৱৰ ব্যক্তিগত শিক্ষানুষ্ঠানৰ এজাহাৰ

ৰাজ্যৰ এটা সংগঠনৰ বিৰুদ্ধে এইবাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । নগাঁও জিলাৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ পৰা ধনদাবীৰ অভিযোগ উঠিছে সংগঠনটোৰ বিৰুদ্ধে । পিছে শিক্ষানুষ্ঠানখনৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতি অভিযোগ উত্থাপন কৰে সংগঠনৰ নেতাই ।

By

Published : Sep 29, 2021, 7:24 PM IST

Concept junior college
এটা সংগঠনৰ নেতাৰ বিৰুদ্ধে নগাঁৱৰ ব্যক্তিগত শিক্ষানুষ্ঠানৰ এজাহাৰ

নগাঁও,২৯ ছেপ্টেম্বৰ :এইবাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা ধন দাবী কৰিছে অসমৰ এটা সংগঠনৰ নেতাই । অভিযোগ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ অধ্যক্ষৰ । অভিযোগ অনুসৰি কৃষক শ্ৰমিক উন্নয়ন পৰিষদ নামৰ সংগঠনটোৰ সভাপতি আৰু সম্পাদকে নগাঁও চহৰৰ কনচেপ্ট মাধ্যমিক বিদ্যালয় তথা কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা ধন দাবী কৰিছে ।

এটা সংগঠনৰ নেতাৰ বিৰুদ্ধে নগাঁৱৰ ব্যক্তিগত শিক্ষানুষ্ঠানৰ এজাহাৰ

অধ্যক্ষ মৃণালজ্যোতি বেজবৰুৱাই ইতিমধ্যে এই ঘটনা সন্দৰ্ভত সংগঠনটোৰ দুজন নেতাৰ বিৰুদ্ধে হয়বৰগাঁও আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে । এজাহাৰত উল্লেখ কৰা মতে ‘‘কৃষক শ্ৰমিক উন্নয়ন পৰিষদ’’ নামৰ সংগঠনটোৰ সভাপতি আৰু সম্পাদক ক্ৰমে মুকুল বৰা আৰু উৎপল বৰুৱাই যোৱা ৬ ছেপ্টেম্বৰত আৰু ৮ ছেপ্টেম্বৰত দুটা বেলেগ বেলেগ নম্বৰৰ পৰা ফোন কৰি অধ্যক্ষগৰাকীক ২০ লাখ টকা দাবী কৰে । সংগঠনটোৰ নেতা দুজনে মহাবিদ্যালয়লৈ আহিও অনুৰূপ দাবী উত্থাপন কৰা বুলি অভিযোগ তোলে অধ্যক্ষগৰাকীয়ে । অধ্যক্ষগৰাকীৰ মতে এই দাবী নামানিলে ভীষণ পৰিস্থিতিৰ সৃষ্টি কৰিব বুলিও সংগঠনটোৰ নেতাসকলে তেওঁক ধমক দিয়ে ।

ইফালে কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়ৰ এজাহাৰৰ ওপৰত ভিত্তি কৰিয়ে ইতিমধ্যে নগাঁও চহৰৰ হয়বৰগাঁও আৰক্ষী চকীত ২১৪৫/২১ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধিৰ ৩৮৪/২৯৪/৫০০ ধাৰাত এক গোচৰ ৰুজু কৰা হৈছে । সোধা-পোছাৰ বাবে আৰক্ষীয়ে নেতা দুজনক থানালৈ মাতি পঠিয়াইছে । ইফালে মঙলবাৰে নিশা অভিযুক্ত দুয়োগৰাকী নেতা থানাত উপস্থিত হয় । থানাত উপস্থিত হৈয়ে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সম্পাদক উৎপল বৰুৱাই বিস্ফোৰক মন্তব্য কৰে । সামাজিক মাধ্যমত এটা ভিডিঅ'ৰ জৰিয়তে অধ্যক্ষৰ সকলো অভিযোগ নস্যাৎ কৰে নেতাগৰাকীয়ে ।

এটা সংগঠনৰ নেতাৰ বিৰুদ্ধে নগাঁৱৰ ব্যক্তিগত শিক্ষানুষ্ঠানৰ এজাহাৰ

তেওঁ উল্লেখ কৰা মতে কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়ৰ কেইবামহলীয়া ভৱন নিৰ্মাণৰ প্ৰসংগত নগাঁও পৌৰসভাৰ অনুমতি লৈছে নে নাই সেই কথা জানিব বিচাৰিছিল সংগঠনটোৱে । যাৰ বাবে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে তথ্য বিচাৰিছিল সংগঠনটোৱে । সংগঠনটোৰ এই পদক্ষেপত ক্ষুব্ধ হৈ কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষই কৃষক শ্ৰমিক উন্নয়ন পৰিষদ নেতা দুগৰাকীৰ ওপৰত ভুৱা অভিযোগ আনিছে বুলি উল্লেখ কৰে নেতা উৎপল বৰুৱাই । অৱশ্যে কোন সঁচা, কোন মিছা আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব ।

লগতে পঢ়ক :কাগজ কলৰ বিষয়া-কৰ্মচাৰীৰ বাবে চৰকাৰৰ ৫৭০ কোটি টকাৰ পেকেজ

ABOUT THE AUTHOR

...view details