চামগুৰি, 26 অক্টোবৰ: দশমীৰ পুৱাই চামগুৰি সমষ্টিৰ অন্তৰ্গত আমবাগানত সংঘটিত হয় এক আত্মহত্যাৰ ঘটনা ৷ চিপ লৈ আত্মহত্যা কৰে অঞ্চলটোৰ আবাসী মানস মল্লিক ওৰফে বাপ্পী নামৰ এগৰাকী কম্পাউণ্ডাৰে ৷ পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ প্ৰথম পত্নী থকা সত্ত্বেও দ্বিতীয় খন বিবাহ পাশত আবদ্ধ হোৱাৰ পাছৰে পৰা দীর্ঘদিন ধৰি চলি আছিল পাৰিবাৰিক কন্দল চলি আছিল ব্যক্তিজনৰ ঘৰত ৷ পাৰিবাৰিক কন্দলৰ বাবেই আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে যদিও এতিয়ালৈকে আত্মহত্যাৰ প্ৰকৃত ৰহস্যৰ সন্ধান পোৱা আৰক্ষী প্ৰশাসনে ৷
চামগুৰিত কম্পাউণ্ডাৰৰ চিপ লৈ আত্মহত্যা - মানস মল্লিক ওৰফে বাপ্পী
পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ প্ৰথম পত্নী থকা সত্ত্বেও দ্বিতীয় খন বিবাহ পাশত আবদ্ধ হোৱাৰ পাছৰে পৰা দীর্ঘদিন ধৰি চলি আছিল পাৰিবাৰিক কন্দল চলি আছিল ব্যক্তিজনৰ ঘৰত ৷
![চামগুৰিত কম্পাউণ্ডাৰৰ চিপ লৈ আত্মহত্যা Compounder comitts suicide at Chamoguri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9316426-thumbnail-3x2-p1.jpg)
চামগুৰিত কম্পাউণ্ডাৰৰ চিপ লৈ আত্মহত্যা
আত্মহত্যাৰ পূৰ্বে ব্যক্তিজনে এখন আত্মহত্যাৰ টোকা লিখি থৈ গৈছে যদিও এতিয়ালৈকে আৰক্ষীয়ে চমজি লোৱা নাই টোকাখন ৷ স্থানীয় ৰাইজে জনোৱা অনুসৰি প্ৰয়াত মানস মল্লিক এগৰাকী সু চিকিৎসক আছিল ৷ ঘটনা পোহৰলৈ অহাৰ লগে লগে লোকজনক ততাতৈয়াকৈ আমগান ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷