বঢ়মপুৰ, 17 জুন : অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰি এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত গোচৰ দুই মহিলাৰ ৷ নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত লাউপানী উপ-পহৰা চকীৰ উপ পৰিদৰ্শক শশী বৰাৰ বিৰুদ্ধে এই অভিযোগ মহিলা দুগৰাকীৰ ৷ ইয়াৰে, এগৰাকী মহিলাই স্বামী পৰিয়ালৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল যদিও আৰক্ষীয়ে অপৰাধীক ৰক্ষনাবেক্ষণ দিয়া বুলিহে উল্লেখ কৰে ৷
কচুৱাত আৰক্ষী উপ-পৰিদৰ্শকৰ বিৰুদ্ধে দুই মহিলাৰ গোচৰ
আৰক্ষী উপ পৰিদৰ্শকৰ বিৰুদ্ধে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৷ উপ পৰিদৰ্শক শশী বৰাৰ বিৰুদ্ধে এই অভিযোগ ৷ নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত লাউপানী উপ পহৰা চকীত কৰ্মৰত আৰক্ষী বিষয়াগৰাকী ৷ ৷ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত গোচৰ দুই মহিলাৰ
আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰ মহিলাৰ
আনহাতে, এটা কোঠালীৰ ভিতৰত মহিলাগৰাকী আৰু তেওঁৰ সন্তানক কেৰাচিন ঢালি হত্যা কৰাৰ চেষ্টা কৰোঁতে ঘটনাস্থলীত কচুৱা থানাৰ আৰক্ষী উপস্থিত হৈছিল যদিও আৰক্ষীয়ে অপৰাধীক কৰায়ত্ত নকৰি অপৰাধীক জামিনত দিয়াৰ অভিযোগ কৰিছে মহিলাগৰাকীয়ে | ইফালে, আন এগৰাকী মহিলাই কচুৱা থানাত ৰুজু কৰা গোচৰৰ তদন্ত নকৰাৰ অভিযোগ উত্থাপন কৰে আৰক্ষীৰ উপ-পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে ৷ সেয়েহে, কচুৱা থানাৰ উপ-পৰিদৰ্শক শশী বৰাৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকৰ ওচৰত গোচৰ ৰুজু কৰে মহিলা দুগৰাকীয়ে ৷