বঢ়মপুৰ,২৭ জুনঃ বিজেপি কৰ্মীৰ মইমতালিৰ অভিযোগ উত্থাপন হৈছে নগাঁও জিলাৰ কঠিয়াতলী উন্নয়নখণ্ডৰ জুৰিপাৰ পঞ্চায়তত। পথ নিৰ্মাণত ব্যাপক অনিয়ম কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ ৷ এম জি এনৰেগাৰ কামত ব্যাপক অনিয়ম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ ঘনিষ্ঠ তথা বিজেপি নেতা ফৰিদ উদ্দিন তালুকদাৰৰ বিৰুদ্ধে এই অভিযোগ তুলিছে ৰাইজে। ফৰিদ উদ্দিন তালুকদাৰে পথ এটা নিৰ্মাণৰ নামত নিম্নমানৰ কাম কৰি ব্যাপক লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছে। পঞ্চায়তখনৰ ৪নং ৱাৰ্ডৰ প্ৰায় ২৮ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিব লগা এটা চি চি ব্লক পথৰ কিছু কাম কৰি সৰহ অংশ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ ৰাইজৰ।
নগাঁৱত বিজেপি কৰ্মীৰ বিৰুদ্ধে মইমতালিৰ অভিযোগ - etv_bharat_assam
এম জি এনৰেগাৰ কামত ব্যাপক অনিয়মৰ অভিযোগ বিজেপি কৰ্মীৰ বিৰুদ্ধে। পথ নিৰ্মাণত ব্যাপক অনিয়ম কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।
২০১৭ বৰ্ষৰ ২১ মাৰ্চৰ পৰা নিৰ্মাণ আৰম্ভ কৰা পথটোৰ প্ৰায় এশ মিটাৰ কাম কৰিয়েই দ্বায়িত্ব সামৰাৰ লগতে নিৰ্মাণ কৰা কামখিনিও অতি নিম্নমানৰ কৰা হৈছে বুলি অভিযোগ স্থানীয় লোকৰ। ইফালে ফৰিদ তালুকদাৰৰ নেতৃত্বতে পঞ্চায়তখনৰ ২নং ৱাৰ্ডত ২০১৭-১৮ বৰ্ষত বানপানী প্ৰতিৰোধৰ বাবে এটা কৃষি বান্ধ নিৰ্মাণৰ বাবে ৩৫ লাখ ৯৮৬ টকা অনুমোদন হয় যদিও মাথো কেই গাড়ীমান মাটি পেলাইয়ে দায়িত্ব সামৰাৰো অভিযোগ উত্থাপন। বিজেপি নেতা ফৰিদ উদ্দিন তালুকদাৰৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ আছে যদিও স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসৰ ঘনিষ্ঠ হোৱাৰ বাবে তেওঁৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি জনাই পঞ্চায়তবাসীয়ে। যাৰবাবে এই ক্ষেত্ৰত এতিয়া জিলা উপায়ুক্তৰ এক তদন্ত বিচাৰিছে স্থানীয় ৰাইজে।