অসম

assam

ETV Bharat / state

তিৱা জনগোষ্ঠীৰ মাঘ বিহু উপলক্ষে কঠিয়াতলীত সমূহীয়া মৎস্য চিকাৰ - মৎস্য চিকাৰ

তিৱা জনগোষ্ঠীৰ মাঘ বিহু উপলক্ষে পূৰ্ব পৰম্পৰা ৰক্ষা কৰি কঠিয়াতলি বুকলুঙত শ শ ৰাইজ একত্ৰিত হৈ সমূহীয়াভাৱে কৰিলে মৎস্য চিকাৰ ৷

বঢ়মপুৰ
সমূহীয়া মৎস্য চিকাৰ

By

Published : Jan 22, 2020, 3:49 PM IST

Updated : Jan 22, 2020, 6:13 PM IST

বঢ়মপুৰ, 22 জানুৱাৰীঃআজি তিৱা জনগোষ্ঠীৰ মাঘ বিহু ৷ মধ্য অসমৰ তিৱা সকলে পৰম্পৰাগতভাৱে মাঘ মাহৰ প্ৰথমটো মংগলবাৰে উৰুকা আৰু প্ৰথমটো বুধবাৰে মাঘ বিহু পালন কৰে ৷ তিৱা সকলৰ ভোগৰ উৎসৱ উপলক্ষে আজি নগাঁও জিলাৰ তিৱা জনগোষ্ঠীৰ অন্যতম কেন্দ্ৰস্থল কঠিয়াতলিৰ লগতে লংজাপ অঞ্চলত চলিছে ব্যপক প্ৰস্তুতি ৷ ভোগৰ উৎসৱ উপলক্ষে প্ৰতিবছৰে তিৱা লোকসকলে উৰুকা আৰু বিহুৰ দিনা কঠিয়াতলি বুকলুঙত পৰম্পৰা অনুযায়ী শ শ ৰাইজ একত্ৰিত হৈ সমূহীয়াভাৱে মাছ ধৰাৰ পৰম্পৰা চলি আহিছে ৷ সেই পৰম্পৰা ৰক্ষা কৰি মঙ্গলবাৰে বিয়লি আৰু বিহুৰ দিনাখন পুৱাই হাতে হাতে জাকৈ, জাল, পল' আদি লৈ মৎস্য চিকাৰ কৰি আনন্দ ললে নগাঁৱৰ তিৱা লোক সকলে ৷

তিৱা জনগোষ্ঠীৰ মাঘ বিহু উপলক্ষে সমূহীয়া মৎস্য চিকাৰ
Last Updated : Jan 22, 2020, 6:13 PM IST

ABOUT THE AUTHOR

...view details