নগাঁও,১২ মে':বটদ্ৰৱাত উপস্থিত সত্ৰৰ বেদখলকৃত ভূমি জৰীপ কমিটি । সত্ৰৰ ভূমি বেদখল কৰা সকলে ত্যাগ কৰিব লাগিব সত্ৰৰ ভূমি । শীঘ্ৰে বেদখলমুক্ত হ'ব ৰাজ্যৰ সত্ৰসমূহৰ ভূমি । বটদ্ৰৱাত উপস্থিত হৈ এইদৰে মন্তব্য আগবঢ়াই সত্ৰৰ বেদখলকৃত ভূমি জৰীপ কমিটিৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই (Commission for review of satra land encroachment) ।
হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে সত্ৰৰ বেদখলকৃত ভূমি জৰীপ কৰি প্ৰতিবেদন দাখিল কৰিবলৈ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত গঠন কৰিছিল তিনিজনীয়া জৰীপ কমিটি । ইতিমধ্যেই জৰীপ কমিটিয়ে এক প্ৰতিবেদন ৰাজ্য চৰকাৰক দাখিল কৰাৰ পিছত এতিয়া চূড়ান্ত প্ৰতিবেদন দাখিলৰ বাবে আৰম্ভ কৰিছে সত্ৰৰ ভূমিৰ জৰীপৰ কাম (Report on Satra land encroachment) ।
শুকুৰবাৰে নগাঁৱৰ বটদ্ৰৱা, ওপৰ ডুমডুমীয়া সত্ৰৰ জৰীপ কৰিবলৈ নগাঁৱৰ উপস্থিত হয় ৰাজ্য চৰকাৰে গঠন কৰি দিয়া জৰীপ কমিটি । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত থকা বটদ্ৰৱা আৰক্ষী থানাৰ পিছফালৰ এখন সত্ৰৰ বেদখলকৃত ভূমিৰ জৰীপ কৰাৰ পিচত ওপৰ ডুমডুমীয়াৰ সত্ৰৰ ভূমি জৰীপ কৰি মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ পাতেকবড়ী সত্ৰৰ ভূমিৰ জৰীপ আৰম্ভ কৰে (Satra lands encroachment in Assam) ।