অসম

assam

By

Published : Sep 6, 2021, 8:06 PM IST

ETV Bharat / state

ৰাজ্যত আৰম্ভ হ'ল বিদ্যালয় মহাবিদ্যালয়ৰ পাঠদান

দীৰ্ঘদিনৰ মূৰত ৰাজ্যত পুনৰ আৰম্ভ হ'ল বিদ্যালয় মহাবিদ্যালয়ৰ পাঠদান ৷ কৰ'ণাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিত ৰাজ্য চৰকাৰৰ নীতি নিৰ্দেশনা মানি আজিৰে পৰা শিক্ষানুষ্ঠানসমূহত পাঠদান কাৰ্যসূচী আৰম্ভ হৈছে ৷ বহুদিনৰ মূৰত শ্ৰেণীকোঠালৈ আহি উৎফুল্লিত হৈ পৰিছে শিক্ষক তথা ছাত্ৰ-ছাত্ৰী ৷

college reopens in assam
ৰাজ্যত আৰম্ভ হ'ল বিদ্যালয় মহাবিদ্যালয়ৰ পাঠদান

চামগুৰি, পাঠশালা, গুৱাহাটী , 6 ছেপ্তেম্বৰ :ৰাজ্যত কৰ'ণাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিত ৰাজ্য চৰকাৰৰ নীতি নিৰ্দেশনা মানি আজিৰে পৰা শিক্ষানুষ্ঠানসমূহত চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হৈছে ৷ দীৰ্ঘদিনৰ বিৰতিৰ অন্তত আজিৰ পৰা পুনৰ আৰম্ভ হল বিদ্যালয় মহাবিদ্যালয়ৰ পাঠদান । ছাত্ৰ ছাত্ৰীৰ কোলাহলত মুখৰিত হৈছে বিদ্যালয় মহাবিদ্যালয়সমূহৰ বাকৰি । চৰকাৰে বান্ধি দিয়া ক'ভিড নীতি নিৰ্দেশনা মানি মহানগৰীৰ শিক্ষানুষ্ঠান সমূহত আজিৰে পাঠদান আৰম্ভ হৈছে ।

মহানগৰীৰ শিক্ষানুষ্ঠান সমূহত আজিৰে পাঠদান আৰম্ভ হৈছে

ৰাজ্য চৰকাৰৰ SOP মানি পাঠদান আৰম্ভ হোৱাত ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বটদ্ৰৱাতো ঐতিহ্যমণ্ডিত বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত বহুদিনৰ পাছত শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয় প্ৰাংগনত ইজনে সিজনক লগ পাই উৎফুল্লিত হৈ পৰে । চৰকাৰৰ নিৰ্দেশনা মানি শ্ৰেণীকোঠাত ৩০ গৰাকী ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ে পাঠদান আৰম্ভ কৰে ৷

৩০ গৰাকী ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ে পাঠদান আৰম্ভ কৰে

উল্লেখ্য যে, ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে দীৰ্ঘ দিন ধৰি বন্ধ হৈ আছিল বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ । কিন্তু, স্বাস্থ্য মন্ত্ৰীৰ নতুন SOPএ দীৰ্ঘদিনৰ মূৰত এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ।

ৰাজ্য চৰকাৰৰ নিৰ্দেশনাৰ পাচতে শিক্ষানগৰী পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজতো ক'ভিড নীতি নিয়ম পালন কৰি আৰম্ভ হৈছে পাঠদান । ছাত্ৰ-ছাত্ৰী সকলে মুখত মাস্ক পৰিধান কৰি শ্ৰেণী কোঠাত শিক্ষা গ্ৰহণ কৰে ৷ আনহাতে মহাবিদ্যালয়সমূহৰ শ্ৰেণী কোঠাসমূহ সম্পূৰ্ণ চেনিটাইজ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানখনে পাঠদান আৰম্ভ কৰিছে ।

পাঠশালাতো ক'ভিড নীতি নিয়ম পালন কৰি আৰম্ভ হৈছে পাঠদান

লগতে পঢ়ক :চৰকাৰে শিক্ষানুষ্ঠান খোলাৰ দিনাই কিয় প্ৰতিবাদ কৰিলে ছাত্ৰ-ছাত্ৰীয়ে ?

ABOUT THE AUTHOR

...view details