নগাঁও, 22 এপ্ৰিল : ক'ভিড-১৯ ত আক্ৰান্ত হৈছে নগাঁৱৰ পুৰণিগুদামৰ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্য়ক্ষ ড৹ নিপেন চন্দ্ৰ দাস ৷ জানিব পৰা মতে, আক্ৰান্ত হোৱাৰ আগলৈকে কৰ্মৰত অৱস্থাতে আছিল ড৹ দাস । ইয়াৰ লগে লগে স্বাস্থ্য বিভাগৰ তৎপৰতাত মহাবিদ্যালয় খনৰ প্ৰৱক্তা সকলৰো ৰেপিড এণ্টিজেন টেষ্ট সমাপন কৰা হয় ৷ অৱশ্য়ে, এই পৰ্যন্ত সকলোৱেই সংক্ৰমণহীন হৈ থকাৰ খবৰ পোৱা গৈছে ।
পুৰণিগুদামৰ ড৹ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্য়ক্ষ আক্ৰান্ত ক'ভিডত - সংক্ৰমণহীন
নগাঁৱৰ পুৰণিগুদামৰ ড৹ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্য়ক্ষ ড৹ নিপেন চন্দ্ৰ দাস আক্ৰান্ত হৈছে ক'ভিড-১৯ ত ৷ ইয়াৰ লগে লগে স্বাস্থ্য বিভাগৰ তৎপৰতাত মহাবিদ্যালয় খনৰ প্ৰৱক্তা সকলৰো ৰেপিড এণ্টিজেন টেষ্ট সমাপন কৰা হয় ৷
ক'ভিড আক্ৰান্ত মহাবিদ্যালয়ৰ অধ্য়ক্ষ
ইফালে, পুৰণিগুদাম অঞ্চলৰে কাষৰিগাঁৱৰ আশা কৰ্মী কৰবী বৰা বৰুৱাও আক্ৰান্ত হৈছে ক'ভিডত ৷ উল্লেখযোগ্য় যে, আশাকৰ্মী গৰাকীও আক্ৰান্ত হোৱাৰ আগলৈকে আছিল কৰ্মৰত অৱস্থাতে ৷
লগতে পঢ়ক :ক'ভিড পৰীক্ষাৰ ভয়ত শিলচৰ বিমানবন্দৰৰ পৰা পলায়ন ৩০০ যাত্ৰীৰ
Last Updated : Apr 22, 2021, 10:04 PM IST