অসম

assam

By

Published : Apr 14, 2022, 7:21 PM IST

ETV Bharat / state

কোন সচাঁ-কোন মিছা : প্ৰকৃততে নগাঁৱৰ এ ডি পি কলেজত হৈছে কি ?

নগাঁৱৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ত কলংকৰ দাগ ! যৌন কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সুৰজিৎ ভাগৱতী (College principal arrested for sexual harassment allegation) । মহাবিদ্যালয়খনৰ এগৰাকী সহকাৰী অধ্যাপিকাই যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি দাখিল কৰিছিল এজাহাৰ । ড৹ ভাগৱতীৰ বিৰুদ্ধে এটা চক্ৰই ষড়যন্ত্ৰ কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ ।

college-principal-arrested-for-sexual-harassment-allegation-in-nagaon
কোন সচাঁ-কোন মিছা : প্ৰকৃততে নগাঁৱৰ এ ডি পি কলেজত হৈছে কি?

নগাঁও, 14 এপ্ৰিল :যৌন কেলেংকাৰীৰ অভিযোগত নগাঁৱৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ গ্ৰেপ্তাৰ হোৱা ঘটনাই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ নগাঁৱত । নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সুৰজিৎ ভাগৱতীৰ বিৰুদ্ধে উত্থাপন যৌন নিৰ্যাতনৰ অভিযোগ (Molestation allegation against college principal) ।

চাকৰি স্থায়ীকৰণৰ প্ৰলোভনেৰে এগৰাকী সহকাৰী অধ্যাপিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত (Sexual harassment allegation against college principal) আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতেই ড৹ ভাগৱতীৰ বিৰুদ্ধে উত্থাপন হৈছিল আন এক যৌন কেলেংকাৰীৰ অভিযোগ । উল্লেখযোগ্য যে, অধ্যাপিকাগৰাকীয়ে অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতেই মহাবিদ্যালয়খনৰ এইগৰাকী ৱাৰ্ডেনেও যৌন নিৰ্যাতনৰ অভিযোগত দাখিল কৰিছিল এজাহাৰ ।

ৱাৰ্ডেনগৰাকীকো যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল অধ্যক্ষ ড৹ সুৰজিত ভাগৱতীৰ বিৰুদ্ধে । সহকাৰী অধ্যাপিকা আৰু ৱাৰ্ডেনৰ অভিযোগৰ ভিত্তিত নগাঁও আৰক্ষীয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছিল অনুসন্ধান ।

কোন সচাঁ-কোন মিছা : প্ৰকৃততে নগাঁৱৰ এ ডি পি কলেজত হৈছে কি?

তাৰ মাজতে বুধবাৰে বিয়লি আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সুৰজিত ভাগৱতীক অধ্যক্ষ পদৰ পৰা নিলম্বন কৰে বিভগীয় কৰ্তৃপক্ষই । মঙলবাৰে নগাঁও আদালতত অন্তৱৰ্তীনকালীন জামিনৰ বাবে অধ্যক্ষ ড৹ সুৰজিৎ ভাগৱতীৰ হৈ অধিবক্তাই আবেদন কৰিছিল যদিও আদালতে নাকচ কৰিছিল ভাগৱতীৰ জামিন আবেদন । যৌন কেলেংকাৰীত অভিযুক্ত অধ্যক্ষ ড৹ ভাগৱতীৰ জামিন অগ্ৰাহ্য কৰিবলৈ আদালতত আপত্তি দৰ্শাইছিল নগাঁৱৰ জ্যেষ্ঠ অধিবক্তা আবুল হাচেম খন্দকাৰে ।

বুধবাৰে সন্ধিয়া নগাঁও আৰক্ষীৰ এটা দলে গুৱাহাটীৰ আমবাৰীৰ পৰা আটক কৰাৰ পিছত আজি গ্ৰেপ্তাৰ কৰা হয় অধ্যক্ষ ড৹ ভাগৱতীক (College principal arrested for sexual harassment allegation) । বুধবাৰে মাজনিশা নগাঁও সদৰ আৰক্ষী থানালৈ অনা হয় আটকাধীন অধ্যক্ষগৰাকীক । তেওঁক লগত লৈ নগাঁও আৰক্ষীৰ দলটো সদৰ আৰক্ষী থানাত উপস্থিত হোৱাৰ সময়ত আৰক্ষী থানাত উপস্থিত হয় ড৹ ভাগৱতীৰ পত্নী-কন্যা । আৰক্ষী থানাত উপস্থিত হৈ ড৹ ভাগৱতী এটা চক্ৰৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলি দাবী কৰে পৰিয়ালৰ লোকে ।

উল্লেখযোগ্য যে, সময়ে-সময়ে একাংশ শিক্ষানুষ্ঠানৰ মুৰব্বীৰ বিৰুদ্ধে সহ শিক্ষক তথা কৰ্মচাৰীয়ে নিজ ইচ্ছামতেই বিভিন্নধৰণে হাৰাশাস্তি কৰি অহাৰ অভিযোগো নতুন কথা নহয় । আকৌ বহুলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰি সহকৰ্মীক শাৰিৰীক মানসিক নিৰ্যাতন চলোৱাৰ ঘটনাও সংঘটিত হৈছে বিভিন্ন সময়ত ৷ এনে ক্ষেত্ৰত এতিয়া কোন সঁচা, কোন মিছা সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব ন্যায়ালয়ৰৰ ৰায়দানলৈ ।

লগতে পঢ়ক :মিমিক্ৰী শিল্পী হিমাংশু বৰ্মনৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details