ৰহা, 6 আগষ্ট : অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বৃহস্পতিবাৰে ৰহা মীন মহাবিদ্যালয়ত উপস্থিত হয় ৷ নগাঁও জিলাৰ ধিঙত বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সন্ধিয়া মীন মহাবিদ্যালয় পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মহাবিদ্যালয় খনত অসম কৃষি বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড° অশোক কুমাৰ ভট্টাচাৰ্য, ডীন ড° কৃষ্ণকান্ত তামুলীৰ লগতে মহাবিদ্যালয় খনৰ অধ্যাপক সকলৰ লগত এক আলোচনাত মিলিত হয় সোণোৱাল ৷
আলোচনা কালত মুখ্যমন্ত্ৰী গৰাকীয়ে মীন মহাবিদ্যালয়খনৰ সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আশ্বাস প্ৰদান কৰে ৷ মাত্ৰ ৩০ মিনিটৰ এই কাৰ্যসূচীত বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা , নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা , মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী ,ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ লগতে নগাঁও আৰু মৰিগাঁও জিলাৰ উপায়ুক্ত কেইগৰাকীও উপস্থিত থাকে ।